হিমন্ত বিশ্ব শর্মা কে শুভেচ্ছা :মিডিয়া এসোসিয়েশন
ড° হিমন্ত বিশ্ব শৰ্মা- এনডিএলৈ শুভেচ্ছা
মিডিয়া এছ’চিয়েছন, অসমৰ
গুৱাহাটী, ৫ মে’ : সাংবাদিক- বুদ্ধিজীৱী- শিল্পী- সাহিত্যিকৰ যৌথ সংগঠন "মিডিয়া এছ’চিয়েছন, অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সচিব প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে সদ্য ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি-এনডিএৰ অভূতপূৰ্ব সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে৷ লগতে ভাৰতীয় জনতা পাৰ্টী আৰু সহযোগী এনডিএই ১০২ খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে আৰু সকলোকে সংগঠনটোৱে শুভেচ্ছা জনাইছে৷
অসমৰ ৰাজনীতিত একেৰাহে তৃতীয় বাৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ গঠন কৰি এক অভিলেখ সৃষ্টিৰ পৰিবেশ কৰাৰ বাবে ইয়াৰ সমস্ত কৃতিত্ব দিয়ে ড০ হিমন্ত বিশ্ব শৰ্মাক৷ নতুন চৰকাৰখনে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সাংবাদিক-সংবাদ কৰ্মীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে৷
মাননীয় সম্পাদক মহোদয়
এই বাতৰিটো দয়া কৰি প্ৰকাশ/ প্ৰচাৰ কৰিব বুলি আশা কৰিলোঁ৷
Comments
Post a Comment