বিজেপি মহিলা সংরক্ষণ নামে চমক :দেবব্রত
বিজেপি চৰকাৰৰ প্ৰতাৰণা আৰু ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজ এতিয়া সম্পূৰ্ণ সজাগ!
মহিলা সৱলীকৰণৰ নামত কেৱল চমক: নিৰ্বাচনৰ ঠিক পূৰ্বে 'মহিলা সংৰক্ষণ বিধেয়ক'ৰ নামত চমক সৃষ্টি কৰিব বিচৰা চৰকাৰখনে প্ৰকৃততে মহিলাৰ সৱলীকৰণ নিবিচাৰে। হাথৰসৰ পৰা দিল্লীৰ মল্লযুঁজাৰুলৈকে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ আৰু তাৰ প্ৰতি চৰকাৰৰ নীৰৱতাই তেওঁলোকৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।
অসমৰ সৈতেও একেই প্ৰতাৰণা: নিবনুৱাক সংস্থাপন, ৬ জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ ৩৫১ টকাৰ মজুৰি— এই সকলোবোৰ কেৱল ফোপোলা নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈয়েই ৰ'ল। যোৱা ১০ বছৰত কেৱল বিভাজনৰ ৰাজনীতিৰে শাসনত থকা বিজেপিয়ে পাহৰি গৈছে যে সকলো মানুহক সদায় মূৰ্খ সজাব নোৱাৰি।
পৰিৱৰ্তনৰ বতাহ বলিছে: গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ এই যুঁজত আমি সকলো একত্ৰিত। শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ সবল নেতৃত্বত কংগ্ৰেছ দলে এইবাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে আৰু নিশ্চিতভাৱে অসমত কংগ্ৰেছৰ ফলাফল অতি উৎকৃষ্ট হ'ব। ৰাইজে এতিয়া বুজি উঠিছে প্ৰকৃত বিপদ ক'ৰ পৰা আহিছে। সত্যৰ জয় নিশ
Comments
Post a Comment