গনতন্ত্র স্তম্ভের উপর আক্রমনের ঘটনা নিন্দা দেবব্রত সাইকিয়ার
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। লখিমপুৰত 'প্ৰতিদিন' গোষ্ঠীৰ কাৰ্যালয়ত সংঘটিত দুৰ্বৃত্তৰ আক্ৰমণক মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ যি প্ৰয়াস চলিছে, সেয়া গণতন্ত্ৰৰ বাবে এক অশনি সংকেত।
ইয়াৰ সমান্তৰালভাৱে, নিৰ্বাচনৰ সময়ত বিৰোধী দলৰ নেতাসকলক আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰা, লুৰিণজ্যোতি গগৈৰ দৰে নেতাৰ বাসগৃহত তালাচী চলোৱা আৰু ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰী হস্তক্ষেপৰ জৰিয়তে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যই বৰ্তমানৰ বিজেপি চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে। মুখ্যমন্ত্ৰীৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে আমি সকলো একগোট হৈ থিয় দিয়াৰ সময় আহি পৰিছে। এই সমগ্ৰ ঘটনাক্ৰমৰ এক উচিত আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছোঁ।
লগতে, আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু চৰকাৰৰ দুৰ্বল স্থিতি এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। নিৰ্বাচন পাৰ হোৱাৰ পিছতেই অভিযুক্ত শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক কোৰ্টত কৰা জামিন আবেদনৰ জৰিয়তে সেয়া প্ৰমাণিত হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত তদন্ত প্ৰক্ৰিয়াক লঘু কৰি সমগ্ৰ গোচৰটো গাপ দিয়াৰ যি প্ৰয়াস চলিছে, সেয়া অতি দুৰ্ভাগ্যজনক আৰু অসমবাসী হিচাপে আমাৰ বাবে লজ্জাজনক।
#JusticeforZubeenGarg #FreedomOfPress
Comments
Post a Comment