সাংবাদিক উৎপল চক্রবর্তী প্রয়াত
জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ মৃত্যুত মিডিয়া এছ’চিয়েছন, অসমৰ শোক প্ৰকাশ
গুৱাহাটী, ১৭ মাৰ্চ : অসমৰ সংবাদ জগতৰ বাবে দুখৰ খবৰ৷ নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰবৰ্তীৰ দেহাৱসান। দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ হেল্থচিটী হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছিল৷ আজি সন্ধিয়া ৬.২১ বজাত ৫৭ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ অকাল মৃত্যুত মিডিয়া এছ’চিয়েছন, অসমে গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিদেহ আত্মাৰ সদগতি কামনা কৰিছে৷ এক শোক বাৰ্তাত সংগঠনটোৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সচিব প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে সাংবাদিক চক্ৰৱৰ্তীৰ অকাল বিয়োগত অসমৰ সংবাদ জগতৰ যথেষ্ট ক্ষতি হ’ল৷ মৃত্যুৰ সময়ত উৎপল চক্ৰৱৰ্তীয়ে পত্নী, পুত্ৰ আৰু অনেক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ গুৱাহাটীৰ হাতীগাঁৱৰ শৰাইঘাট হাউছিঙৰ বাসিন্দা উৎপল চক্ৰৱৰ্তীৰ বিয়োগত মিডিয়া এছ’চিয়েছন, অসমে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷
মাননীয় সম্পাদক মহোদয়
শোকৰ বাতৰিটো প্ৰকাশ/প্ৰচাৰৰ বাবে অনুৰোধ জনালোঁ৷
হীৰেন চন্দ্ৰ কলিতা- সভাপতি
চন্দ্ৰ কুমাৰ শইকীয়া- সচিবপ্ৰধান
মিডিয়া এছ’চিয়েছন, অসম,
গুৱাহাটী৷
ফোন : ৯৮৬৪০৮৪৮৫৩
Comments
Post a Comment