চিপিআই (এম-এল)
অসম ৰাজ্যিক সমিতি 
ভেটাপাৰা, গুৱাহাটী-২৮ 
 নয়া ঠাহর, সংবাদদাতা,রানি গুয়াহাটি,:

 *অসমীয়া প্ৰতিদিনৰ ওপৰত আক্ৰমণ গণতন্ত্ৰ হত্যাৰ নিকৃষ্ট প্ৰচেষ্টা*  

   গুৱাহাটী, ২৬ মাৰ্চ, ২০২৬ : ঐতিহাসিক শিৱসাগৰত শাসকৰ মদতপুষ্ট গুণ্ডা বাহিনীয়ে জনপ্ৰিয় প্ৰতিদিন কাকতৰ হাজাৰ হাজাৰ কপি জ্বলাই দিয়াৰ ঘটনাক চিপিআই(এম-এল) দলে তীব্ৰ গৰিহণা দিয়ে ৷ এক প্ৰেছ বিবৃতিত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে “ এইবাৰ নিৰ্বাচনত শাসক দলৰ মদতপুষ্ট এচাম দুৰ্নীতিগ্ৰস্ত , অপৰাধী , হত্যাকাৰী, ভূ মাফিয়াই  প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত জধেমধে অপৰাধ কাৰ্য সংঘটিত কৰি আৰু ভয়- ভাবুকিৰে তথা সংবাদ পত্ৰৰ ওপৰত আক্ৰমণ নমাই নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অপচেষ্টাত নামি পৰিছে ৷ এনে অপচেষ্টাৰ অংশ হ’ল প্ৰতিদিন কাকতৰ ওপৰত আক্ৰমণ ৷সেযে এই নিৰ্বাচন হৈ পৰিছে গণতন্ত্ৰ ৰক্ষা আৰু গণতন্ত্ৰ হত্যাকাৰীৰ মাজৰ যুঁজ আৰু অপৰাধ মুক্ত এখন অসম গঢ়ি তোলা আৰু  পুনৰ হত্যা - হিংসাৰ বিভীষিকাৰ অসম গঢ়ি তুলিবলৈ চেষ্টা চলোৱাৰ মাজৰ যুঁজ ৷  চিপিআই(এম-এল)য়ে অসমৰ সমগ্ৰ জনগণক নিৰ্বাচনত ঐক্যবদ্ধভাবে থিয় দি  এনে অপৰাধীসকলক উচিত শিক্ষা দি এখন অপৰাধমুক্ত, দুৰ্বৃত্তমুক্ত  গণতান্ত্ৰিক অসম প্ৰতিষ্ঠাৰ সংগ্ৰামত দৃঢ়তাৰে আগবঢ়াই নিবলৈ বিনম্ৰ আবেদন জনায় ৷ 
                   স্বা : বিবেক দাস
       সম্পাদক,
অসম ৰাজ্য সমিতি
  চিপিআই (এমএল)
                 ২৬/০৩/২০২৬

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর