অসমের স্থানীয় উপজাতি মানুষের ৪৩ টি ভাষা বিলুপ্তি পথে
খিলঞ্জীয়াৰ সংকট : পূৰ্বাঞ্চলৰ ৪০ টা ভাষা বিলুপ্তিৰ পথত
চন্দ্ৰ কুমাৰ শইকীয়া, সাংবাদিক
অসম আৰু উত্তৰ পূৰ্বাঞ্চলত খিলঞ্জীয়া সৰু সৰু ভাষাৰ সংকট আহি পৰিছে৷ শেহতীয়া সমীক্ষা অনুসৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি- উপজাতি- জনগোষ্ঠীৰ প্ৰায় ৪০ টা ভাষা বিলুপ্তি হোৱাৰ পথত৷ ভাষা হৈছে মানুহৰ অন্তৰ্নিহিত ভাব প্ৰকাশৰ অন্যতম মাধ্যম। ভাষাৰ জৰিয়তে মানুহে ইজনে সিজনৰ কাষ চাপে, আত্মিক সম্পৰ্ক গঢ়ি উঠে৷ ভাৰতবৰ্ষৰ ভাষাৰ ঐতিহ্য আৰু সাম্ৰাজ্য প্ৰাচীন কাল বা অতীজৰে পৰা সমৃদ্ধিশালী৷ প্ৰতিটো মাতৃভাষাই ভাৰতীয় সংস্কৃতি সংৰক্ষণতো নিজৰ একক ভূমিকা পালন কৰি আহিছে৷ কিন্তু সময়ৰ লগে লগে গাঁৱৰ পৰা চহৰলৈকে বিভিন্ন পৰিৱৰ্তন সাধন হৈছে যদিও ভাষাৰ কিন্তু এই ঐতিহ্য ম্লান পাবলৈ ধৰিছে৷ দেশ-বিদেশৰ বিভিন্ন ভাষাই এতিয়া নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিবলগা হৈছে৷ ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰ'ৰ তথ্য অনুসৰি, ভাৰতীয় ভাষাৰ প্ৰথম ভাষা সমীক্ষা ১৮৯৪ চনত জৰ্জ আব্ৰাহাম গ্ৰিয়াৰ্ছনে আৰম্ভ কৰিছিল৷ ইয়াৰ পিছত ১৯৬১ চনত লোকপিয়লত এছ পি পি ই এলে বিলুপ্তিৰ দুৱাৰদলিত উপনীত হোৱা ৫০ টাতকৈ অধিক ভাষা চিনাক্ত কৰিছিল৷ আনহাতে, সেই সময়ত সমগ্ৰ দেশত ১,৬৫২ মাতৃভাষাৰ প্ৰচলন থকা বুলিও তথ্য পোহৰলৈ আহিছিল৷ অৱশ্যে বৰ্তমান এই সংখ্যা অতি বেছি৷
শেহতীয়াভাৱে প্ৰকাশিত প্ৰতিবেদন অনুসৰি, দেশৰ ভিন্ন প্ৰান্তত প্ৰচলিত ১১৭ টাতকৈও অধিক ভাষা বৰ্তমান অস্তিত্বৰ সংকটত। আন দেশবোৰতো ভাষাৰ অস্তিত্বৰ সংকটে দেখা দিছে৷ ভাৰতত এনে কিছু ভাষা আছে, যাক কোৱা মানুহ ১০ হাজাৰতকৈয়ো কম৷ ইয়াৰ বিপৰীতে বিশ্বত এনে কেইটামান ভাষাও আছে, যাক কোৱা মানুহ ১০ জনতকৈও কম৷ এই পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে৷ বডোদৰাৰ ভাষা গৱেষণা আৰু প্ৰকাশন কেন্দ্ৰৰ এক সমীক্ষাত জানিব পৰা গৈছে যে বিগত ৫ দশকত ভাৰতে নিজৰ প্ৰায় ২০ শতাংশ ভাষা হেৰুৱাইছে৷ পিপল'ছ লিংগুইষ্টিক ছাৰ্ভে অব ইণ্ডিয়া নামৰ এক সমীক্ষাত মুখ্য সমন্বয়ক গণেশ দেৱীয়ে উল্লেখ কৰিছে যে দেশত প্ৰায় ২২০ ভাষা বিলুপ্ত হৈ গৈছে৷ এই সমীক্ষা ২০১১ চনৰ পৰা দুই বছৰৰ বাবে কৰা হৈছিল৷ আনহাতে, ভাষাৰ গুৰুত্ব বুজাবলৈ আৰু ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোৱে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে বহুভাষিক শিক্ষাত যুৱ কণ্ঠ৷ দেশ-বিদেশত সৰ্বাধিক প্ৰচলিত ভাষা, ভাষা বিলুপ্ত হোৱাৰ আঁৰৰ কাৰণ, ভাৰতৰ প্ৰথম আৰু বিশ্বৰ প্ৰাচীনতম ভাষা কি, কোনবোৰ ভাষা বিলুপ্ত হৈছে, বৰ্তমান কোনকেইটা ভাষা সংকটত আছে আদি বিষয়বোৰৰ ওপৰত জানিব পাৰিব৷ চণ্ডীগড়, হাৰিয়ানা, হিমাচল, জম্মু-কাশ্মীৰ, পঞ্জাব, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰায় ২৫ টা ভাষা সংকটত আছে৷ ইয়াৰে ভিতৰত স্পীতি, জাড়, দৰমিয়া, গৈহৰী, কনাশী ভাষাও আছে। এই ভাষাবোৰত ওপৰত এতিয়া অস্তিত্বৰ সংকটৰ ক'লীয়া ডাৱৰে আৱৰি ধৰিছে৷ কিয়নো এই ভাষা কোৱা লোকৰ সংখ্যা ক্ৰমাৎ কমি গৈ আছে৷ একেদৰে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰাৰো ৪৩ টা ভাষা বিলুপ্ত হোৱাৰ পথত৷ ইয়াৰ ভিতৰত এমোল, টাংগম, শেৰডুকপেন, চিংফৌ, তাৰাঅ' আদি ভাষাৰ ওপৰত সংকটৰ ক'লীয়া ডাৱৰ পৰিছে৷
আনহাতে, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, দমন আৰু ডিউ, দাদৰ আৰু নগৰ হাভেলী, গোৱাতো ৫ টা ভাষাৰ ওপৰত সংকট সৃষ্টি হৈছে। ইয়াৰ ভিতৰত নিহালী, বৰাডী, ভৰৱাড়, দিবেহী, ভালা আদি ভাষা আছে৷ একেদৰে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰো ২০ টা ভাষা আছে৷ ছোলিগা, জেনু, কুৰুম্বা, সিদ্ধি, উৰালী, টোড়া ভাষা সংকটত৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ছেণ্টিনলীজ, অংগে, ছোম্পেন, লৈমোংছে, লুৰী ভাষা সাংঘাতিকভাৱে সংকটত পৰিছে।
বিভিন্ন উৎোৰ বাতৰি প্ৰতিবেদন অনুসৰি, আন্দামানত প্ৰচলিত 'ছাৰে' ভাষা বৰ্তমান পাহৰণিৰ গৰ্ভত৷ এই ভাষা আন্দামানৰ দক্ষিণী দ্বীপত প্ৰচলিত আছিল৷ এই ভাষা জনা আৰু ক'ব পৰা কেৱল এগৰাকী মহিলাহে বৰ্তমান বাচি আছে। ২০১০ চনত মহান আন্দামানী ভাষা খোৰা আৰু ৱৌ বিলুপ্ত হৈ গৈছিল৷ কিয়নো এই ভাষা কোৱা লোক বিশ্বত কোনো নাই৷ ইউনেস্কোৰ প্ৰতিবেদন অনুসৰি, আহোম, আণ্ড্ৰো, ৰাংকাছ, ছেংমৈ আৰু তোলচাৰ দৰে ভাৰতীয় ভাষাও নোহোৱা হৈ গৈছে৷ আধুনিক সভ্য সমাজে এই বিলুপ্তি হ’ব ধৰা ভাষাবোৰ পুনৰ জীয়াই তোলাৰ বাৱে প্ৰচেষ্টা গ্ৰহণ কৰক আৰু সকলো সৰুবৰ ভাষা জীয়াই থাকিলেহে জাতি জনগোষ্ঠী জীয়াই থাকিব আৰু তেওঁলোকৰ কৃষ্টিসংস্কৃতি জীয়াই থাকিব৷৷ ওপরে ক্রমে প্রতিবেদক ,চন্দ্র কুমার সাইকি য়া , দিস পুর প্রেস ক্লাব সভাপতি নরেন হাজারিকা প্রমুখ
Comments
Post a Comment