অসম দাউন টাউন বিশ্ববিদ্যালয়ে জাফার সাংস্কৃতিক অনুষ্ঠান

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত জাফাৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী

সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ জেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধাৰী, পৰম প্ৰকাশ গগৈ, সঞ্জীৱ প্ৰকাশ আৰু শান্তনু মহন্তক বিশেষ সম্বৰ্ধনা:
আন ক্ষেত্ৰৰ ২০ গৰাকীকো সন্মান 



গুৱাহাটী,৮ফেব্ৰুৱাৰী:সাংবাদিকতাৰ ক্ষেত্ৰ খনত নিষ্ঠা আৰু সততাৰে কাম কৰি নিজ কৰ্মদক্ষতাৰ পৰিচয় দিয়া বৈদ্যুতিন আৰু ছপা মাধ্যমৰ  ৰাজ্যৰ ৪ গৰাকী জ্যেষ্ঠ সাংবাদিকক বিশেষ ভাবে সন্মানীত কৰে 
ৰাজ্যৰ সাংবাদিক, সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ"জার্নেলিষ্ট এছ'চিয়েচন ফৰ আছাম (জাফা) ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে।আজি জাফা ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভা আৰু  বিশেষ সম্বর্ধনা অনুষ্ঠানত দৈনিক অসম কাকতৰ ডেপুটি চীফ অব ব্যু'ৰো জিতেন্দ্ৰ কুমাৰ চৌধাৰী,অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ ৰাজনৈতিক ব্যু'ৰো পৰম প্ৰকাশ গগৈ,এন ডি-২৪ ৰ জেষ্ঠ আউট পুট এডিটৰ সঞ্জীৱ প্ৰকাশ, এন বি নিউজৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্তক গামোচা,প্ৰশস্তি পত্ৰ, জাপি,এটা স্মাৰক,এটা গছ পুলি ৰে সন্মানীত কৰা হয়।জাফা ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ ডেকা আৰু কমল বৰাই আত ধৰা অনুষ্ঠানত ৰাজ্যৰ সামাজিক সাহিত্য সংস্কৃতি আদিকে ধৰি আন সৃষ্টিশীল ক্ষেত্ৰত ব্যুৎপত্তি থকা আন কেইবাগৰাকীক সম্বৰ্ধনা জনোৱা হয়।গীত-মাত-নৃত্যৰে মুখৰিত দিনযোৰা বৰ্ণাধ্য অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়।ইয়াৰ পিছত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।অনুষ্ঠানত তেজস্বী তালুকদাৰৰ পৰিচালনাত সত্ৰীয় নৃত্য,কুমুদ ডেকাৰ বাঁহীবাদন,জনপ্ৰিয় নৃত্য শিল্পী অজয় মালাকাৰ ৰ পৰিচালনাত বাৰেৰহনীয়া সাতভনীৰ অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত দৰ্শকক।মুকলি অনুষ্ঠানত  মুখ্য অতিথি ৰূপে উপস্থিত থাকে প্ৰথিতযশা স্নায়ুৰোগ বিশেষজ্ঞ ডা: বসন্ত কুমাৰ বৈশ্য,অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,প্ৰথম খবৰৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ,অসম ডাউন টাউন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য এন চি তালুকদাৰ,নুমলীগড় শোধানাগাৰৰৰ জেষ্ঠ প্ৰবন্ধক, প্ৰশাসন অনিল ডেকা,বিশিষ্ট চিকিৎসক ডাঃ হীৰেন কলিতা,জেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব,তথা আধ্যাত্মিক বক্তা চবিন ৰাজখোৱা,জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধী, মিণ্টু হাজৰিকা আদিকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষ়ববীয়া উপস্থিত থাকে।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর