অসমীয়া ভাষার বাজেট এর উপজীব্য বিষয়

*বাজেট BREAKING*

★ সুৰাৰ মূল্য বৃদ্ধি পাব ।
★ কেন্সাৰ আৰু ডায়েবেটিচৰ ঔষধৰ মূল্য হ্ৰাস পাব । কেন্সাৰ ৰোগৰ মুঠ ১৭ বিধ ঔষধৰ মূল্য কমিব । আন ৭ টা জটিল ৰোগৰ ঔষধৰ মূল্যও হ্ৰাস পাব ।
★ কৃত্ৰিম অংগ প্ৰস্তুতকাৰীলৈ ৰেহাইৰ প্ৰস্তাৱ ।
★ লাখপতি বাইদেউ আঁচনিৰ উন্নীতকৰণৰ প্ৰস্তাৱ ।  
মহিলাৰ উন্নয়নৰ বাবে SHE martsৰ প্ৰস্তাৱ । মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ SHE (Self-help Entrepreneur) Martsক কমিউনিটী-মালিকীস্বত্বৰ খুচুৰা বিপণি হিচাপে স্থাপন কৰা হ’ব ।
★ কণ্টেণ্ট ক্ৰিয়েটৰ লেব স্থাপনৰ প্ৰস্তাৱ ।
★ দাম কমিব বেটাৰী, জোতা তথা চামৰাৰ অন্যান্য সামগ্ৰীৰ ।
★ ৰাঁচী আৰু তেজপুৰৰ মানসিক চিকিৎসালয় উন্নীত কৰা হ'ব । তেজপুৰত স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান । তেজপুৰৰ মানসিক চিকিৎসালয়খনক এই পৰ্যায়লৈ উন্নীত কৰা হ'ব ।
★ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধ ধৰ্মৰ উপাসনাথলীসমূহৰ উন্নয়ন কৰা হ'ব ।
★ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৪০০০ ই-বাছৰ প্ৰস্তাৱ ।
★ উত্তৰ পূৰ্বাঞ্চলৰ নিয়োগ আৰু উন্নয়নৰ বাবে বিভিন্ন প্ৰস্তাৱ ।
★ দেশৰ ৭ স্থানত নিৰ্মাণ কৰা হ'ব হাই স্পীড ৰেলৱে ক'ৰিডৰ ।
★ অহা ১ এপ্ৰিলৰ পৰা হ'ব নতুন আইকৰ আইন । সৰল কৰা হ'ব আয়কৰৰ ফৰ্ম ।
★ AI গুৰুত্ব বায়'ফাৰ্মাৰৰ বাবে ১০ হেজাৰ কোটি টকাৰ প্ৰস্তাৱ ।
★ ক্ৰীড়া সামগ্ৰীৰ মান আৰু উৎপাদনৰ ক্ষেত্ৰত বিশেষ প্ৰস্তাৱ ।
★ ১০ বছৰৰ বাবে খেলো ইণ্ডিয়া মিছনৰ প্ৰস্তাৱ ।
★ নিবনুৱা সমস্যা সমাধানৰ বাবে নতুন নতুন পৰিকল্পনাৰ প্ৰস্তাৱ ।
★ জিলা চিকিৎসালয়সমূহৰ উন্নীতকৰণ কৰা হ'ব । সাধাৰণ লোকৰ অধিক সহায়ৰ বাবে তাত জৰুৰীকালীন ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰা হ'ব ।
★ আত্মনিৰ্ভৰ ভাৰতৰ বাবে ২০০০ কোটি টকাৰ প্ৰস্তাৱ ।
★ দেশজুৰি নিৰ্মাণ কৰা হ'ব ১৬ হেজাৰ মাধ্যমিক বিদ্যালয় । নাৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব । উচ্চ শিক্ষাৰ বাবে প্ৰতিখন জিলাতে একোখনকৈ ছাত্ৰী নিৱাস নিৰ্মাণ কৰা হ'ব ।
★ জ্যোতিৰ্বিজ্ঞানক উৎসাহিত কৰাৰ প্ৰস্তাৱ বাজেটত ।
★ ২০ পৰ্যটন ক্ষেত্ৰত ১০ হেজাৰ যুৱক যুৱতীক পৰ্যটনৰ গাইড হিচাপে প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ ।
★ বিমানৰ ইন্ধনৰ মূল্য হ্ৰাস পাব ।
★ সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ মূল্য হ্ৰাস পাব ।
★ বিদ্যুৎ চালিত বাহনৰ মূল্য হ্ৰাস পাব ।
★ হ্ৰাস পাব মাইক্ৰ'অভেনৰ মূল্য ।
★ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ বাবে TCS ৫ ৰ পৰা ২ শতাংশলৈ হ্ৰাস । 
★ বিদেশ যাত্ৰাৰ TCS ৫ শতাংশ হ্ৰাস ।
★ মটৰ দুৰ্ঘটনাৰ দাবীৰ ধনৰাশিত কৰ মুক্ত কৰা হ'ব ।
★ বিমানৰ টিকটৰ মূল্য হ্ৰাস পাব ।
★ ছেমি কণ্ডাক্টৰ মিছন-২ৰ বাবে ৪০ হেজাৰ কোটি টকাৰ প্ৰস্তাৱ ।
★ বস্ত্ৰ উদ্যোগৰ বিকাশৰ বাবে মেগা টেক্সটাইল ফাৰ্মৰ প্ৰস্তাৱ ।
★ কৰ ফাঁকি দিলে ১০০% ভৰিব লাগিব জৰিমনা ।
★ বেটাৰীত ব্যৱহৃত লিথিয়াম চেলৰ সীমা শুল্ক ৰেহাই। পাৰমাণৱিক প্ৰকল্পৰ সাধনৰ বাবে সীমা শুক্ল হ্ৰাস ।
★ শ্বেয়াৰ বজাৰত অপচন ট্ৰেডিঙ ( Option Trading )ৰ ওপৰত কৰ বৃদ্ধিৰ প্ৰস্তাৱ ।
★ ২০৪৭লৈ টেক্স হলিডে’ দিয়াৰ প্ৰস্তাৱ । যদি ডাটা চেণ্টাৰ ভাৰতত নিৰ্মাণ কৰে তেন্তে বিদেশী কোম্পানীয়ে ইয়াৰ লাভ উঠাব পাৰিব ।
★ দেশত তিনিখন নতুন AIMS নিৰ্মাণ কৰা হ'ব ।
★ বিমান নিৰ্মাণৰ সামগ্ৰীৰ মূল্য হ্ৰাস পাব ।
★ বায়' গেছ মিহলি CNGৰ মূল্য হ্ৰাস পাব ।
★ বিড়িৰ মূল্য হ্ৰাস পাব ।
★ খনিজ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰস্তাৱ ।
★ স্কেপ সামগ্ৰীৰ মূল্য বৃদ্ধি পাব ।
★ উত্তৰ পূৰ্বাঞ্চলৰ মঠ মন্দিৰ সংৰক্ষণৰ প্ৰস্তাৱ ।
★ উত্তৰ পূৰ্বাঞ্চলত মৎস্য পালনৰ বাবে ৫০০ জলাশয়ৰ বিকাশ সাধনৰ প্ৰস্তাৱ ।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর