বিজেপি দলের দুর্নীতি নিয়ে প্রদেশ কংগ্রেস জেলায় জেলায় প্রচারে নামবে

▪️বিজেপি চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ উদঙাই প্ৰকাশ কৰা 'অভিযোগনামা’ক লৈ জিলাই জিলাই প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
▪️ৰাজীৱ ভৱনত অভিযোগনামাত উল্লেখিত অভিযোগ তথ্যসহ বৰ্ণনা কৰি মীৰা বৰঠাকুৰ, বেদব্ৰত বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
▪️''৫ বছৰত ৰাইজক কেকোঁৰা চেপা দি অহা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উৎখাত নকৰিলে ৰাইজৰ নিস্তাৰ নাই’’
▪️৬নং দফা কাৰ্যকৰী কৰিবলৈ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আজি পৰ্যন্ত কেন্দ্ৰলৈ কিয় প্ৰেৰণ নকৰিলে বুলি প্ৰশ্ন

গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ বিজেপি দল আৰু চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ দস্তাবেজ মুকলি হোৱাৰ পিছত অসমৰ ৰাইজৰ আগত এই তথ্যবোৰ সবিস্তাৰে প্ৰকাশ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বিশেষ ভূমিকা পালন কৰিছে। যোৱা ১৯ ফেব্ৰুৱাৰীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, সাংসদ তথা অসমৰ নিৰ্বাচনী বাছনি কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰস্তুত কৰা অভিযোগনামা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ দস্তাবেজ আজিৰে পৰা জিলাই জিলাই প্ৰদেশ কংগ্ৰেছে দস্তাবেজত থকা তথ্যসমূহ ৰাজহুৱা কৰিছে। আজি গুৱাহাটীত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ লগতে ইস্তাহাৰ কমিটিৰ সদস্য গীতালি দাসে এক সংবাদমেলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ ৫ বছৰীয়া শাসনত ৰাইজক দিয়া কেকোঁৰা চেপাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰে। ৫ বছৰত ৰাইজক কেকোঁৰা চেপা দি অহা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উৎখাত নকৰিলে ৰাইজৰ নিস্তাৰ নাই বুলিও কংগ্ৰেছ নেতাদ্বয়ে উল্লেখ কৰে।

সংবাদমেলত মীৰা বৰঠাকুৰে অভিযোগনামাৰ প্ৰসংগ উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চিণ্ডিকেটৰাজক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে অবৈধ পুঁজি সংগ্ৰহ কৰাৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অবৈধ ৰেট হোল মাইনিঙৰ দৰে বিভিন্ন অবৈধ কার্যকলাপক উৎসাহিত, প্ৰশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰি আহিছে।এই ছিণ্ডিকেট ব্যৱস্থাৰ যোগেদি কাঠ, বালি, পাথৰ, কয়লা, লোহা, বার্মিজ চুপাৰি আৰু অন্যান্য মাটি-খনিজ সামগ্ৰীৰ লগতে ব্ৰইলাৰ মুৰ্গী, গৰু, গাহৰি, মাছ, কণী, মচলা, চিগাৰেট আৰু অন্যান্য সামগ্ৰীৰ অবৈধ চলাচল আৰু বাণিজ্যৰ বাবে বহু স্থানত নির্দিষ্ট চেকপইণ্টত নির্দিষ্ট হাৰত কমিছন সংগ্ৰহ কৰা হয় বুলিও মীৰা বৰঠাকুৰে কয়। তেওঁ আৰু কয় যে স্বাস্থ্য বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ কামকে ধৰি চৰকাৰী উন্নয়নমূলক প্রকল্প, বিষয়া বদলি-পোষ্টিং আৰু হিমন্ত বিশ্ব শর্মা নিয়ন্ত্রিত টেণ্ডাৰত বৃহৎ পৰিমাণৰ আগতীয়া ধন সংগ্ৰহ কৰা এক সমান্তৰাল প্রতিষ্ঠানিক কমিচন ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত স্বাভাৱিক ৰাজ্যিক শাসন ব্যৱস্থা ক্ষতিগ্রস্ত আৰু দুৰ্বল হৈ পৰিছে। বৰঠাকুৰে অভিযোগনামাত উল্লেখ কৰা মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু বিধায়কসকলে পৰিয়ালৰ আৰু নিজৰ নামত নামে-বেনামে অবৈধ সম্পত্তি আহৰণ কৰাৰ অভিযোগ, কেগৰ সাৱধনতাৰ পিছতো বাৰে বাৰে ঋণ লোৱা, অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰৱঞ্চনা কৰা, খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক মাটি গতাই দিয়াৰ দৰে অভিযোগৰ কথাও সবিস্তাৰে উল্লেখ কৰে। অসম চুক্তিক চৰম উপেক্ষা আৰু ছয় নং দফা কাৰ্যকৰীকৰণ নকৰাৰ লগতে এনআৰচিৰ কাম স্থগিত ৰখাৰ অভিযোগৰ কথাও বৰঠাকুৰে কয়। বৰঠাকুৰে কয়, ''এনআৰচিৰ নামত ১৬০০ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। পক্ষপাতদুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰে বুলড'জাৰ চলাইছে। বাক স্বাধীনতাক মষিমূৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলাইছে। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত ব্যৰ্থ হৈছে। অসমৰ নিবনুৱাৰ হাৰ ৬.৭ শতাংশতকৈয়ো অধিক। এই চৰকাৰখনে নতুন চাকৰি সৃষ্টিত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। ৯০০০ৰো অধিক বিদ্যালয় বন্ধ কৰি দিছে। মাতৃৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰো উদ্বেগজনভাৱে বৃদ্ধি পাইছে। মৌলিক স্বাস্থ্যসেৱা প্ৰদানত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।’’

বুলডজাৰ নীতিৰ বিৰুদ্ধেও তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে মীৰা বৰঠাকুৰে৷ তেওঁ কয় যে কংগ্ৰেছে অবৈধ বেদখল উচ্ছেদ কৰাৰ কংগ্ৰেছ দল বিৰোধী নহয়৷ পক্ষপাতমূলকভাৱে সাধাৰণ লোকৰ ঘৰত চৰকাৰে বুলডজাৰ চলাইছে৷ উপযুক্ত জাননী, পুনৰ সংস্থাপন, জৰীপ আদি নকৰাকৈ ৰাতিৰ ভিতৰতে বহু পৰিয়ালক উচ্ছেদ কৰা হৈছে৷ খাদ্য-পানী, বাসস্থানৰ যোগাৰ কৰি দিয়া হোৱা নাই৷ যিবিলাক মানুহক সন্দেহজনক, অচিনাকি, বাংলাদেশী বুলি কৈ উচ্ছেদ কৰা বুলি কৈ এক বাতাৱৰণ সৃষ্টি কৰিছে৷ কিন্তু আমি প্ৰশ্ন কৰিছো যে এই মানুহবিলাক ক’লৈ গৈছে৷ চৰকাৰে ক’ত ৰাখিছে উত্তৰ দিব লাগিব৷ এই মানুহবিলাক কোনেও বাংলাদেশলৈ গুচি যোৱা নাই৷ এই মানুহবিলাক বাংলাদেশী নহয় বুলি দাবী কৰি বৰঠাকুৰে কয় যে এই মানুহবিলাক গৰাখহনীয়া-বানৰ কবলত পৰি কৰবাৰ পৰা আহি সংস্থাপন হোৱা লোক৷

এইখন চৰকাৰে স্বচ্ছতাৰ বিপৰীতে অসম আৰক্ষীক ব্যৱহাৰ কৰি আহিছে বুলিও কয় মীৰা বৰঠাকুৰে৷ আৰক্ষীয়ে নিজৰ ইচ্ছামতে বহু এনকাউণ্টাৰ কৰিছে আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ২০২১ চনৰ পৰা এনকাউণ্টাৰত ৮০ লোক নিহত হৈছে৷ এই কথা বিধানসভাত তথ্য দিয়া হৈছে৷ ভাৰতৰ ভিতৰত অসমত ইউএপিএ গোচৰ তৃতীয় সৰ্বাধিক৷ আৰক্ষীক এইখন চৰকাৰে অপব্যৱহাৰ কৰিছে৷ বৰপেটা আদালতে চৰকাৰক কৰ্কথনা কৰিছে৷ ন্যায়ালয়ে চৰকাৰক জবাবদিহি কৰিছে৷ এইখন চৰকাৰ স্বেচ্ছাছাৰী চৰকাৰ৷ অসম আৰক্ষীয়ে আত্মসমৰ্পণ কৰিছে৷ আমি শান্তি সমদল উলিয়ালে আৰক্ষীয়ে ৰাস্তাত বাধা দিয়ে৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত আৰক্ষীয়ে বেৰিকেট লগাই, ৰছী লগাই বাধা দিছে৷ চতিয়াত গৌৰৱ গগৈৰ যাত্ৰাৰ সময়ত ব’লেৰ গাড়ী ৰাস্তাত ৰাখি আৰক্ষীয়ে বাধা দিছে৷ কালি অসম আৰক্ষীৰ সাহস কিয় নহ’ল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বেৰিকেড দিবলৈ৷ কংগ্ৰেছ কাৰ্যালয় ভাঙিবলৈ আহি হাতত লোৰ ৰদ লৈ আহিছে৷ অসম আৰক্ষীয়ে চকুমুদি আছিল নেকি বুলি প্ৰশ্ন কৰি অসম আৰক্ষী বিজেপিৰ মৰ্চাত পৰিণত হোৱা বুলি প্ৰশ্ন উত্থাপন কৰে ৰাজ্যিক মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ বৰপেটাত ডকাইতি হৈছে৷ নিতৌ চুৰি হৈছে, মহিলাৰ ডিঙিৰ পৰা ছেইন কাঢ়ি নিছে৷ অসম আৰক্ষীক সকীয়াই নেত্ৰীগৰাকীয়ে আৰক্ষীয়ে মনত ৰখা ভাল যে বুলি উল্লেখ কৰি কয় যে জোনমণি ৰাভাক যেনেকৈ থেতেলাই থেতেলাই মাৰি পেলালে সেই কথা পাহৰি নাযাব৷ যদি কালি বিজেপিয়ে আপোনালোকক আঁতৰাব লগা হয়, তেন্তে জোনমণি ৰাভাৰ দৰে থেতেলাই থেতেলাই আতৰাব৷  

তেওঁ আৰু কয় যে এইখন চৰকাৰে ব্যাপক হাৰত প্ৰকৃতি ধ্বংস কৰিছে৷ অসমৰ প্ৰতি খনন মাফিয়া আৰু বন মাফিয়াক গতাই দিয়া হৈছে৷ ২০২১ চনত ৮৩.৯২ বৰ্গ কিলোমিটাৰ, ২০২০ চনত ৯৫.৫৫ বৰ্গ কিলোমিটাৰ বন ধ্বংস কৰিছে৷ অবৈধভাৱে চলি থকা শিল, কয়লা আদিয়ে দিহিং পাটকাই অভয়াৰণ্য, সেণাইকুছি সংৰক্ষিত বনাঞ্চলত ক্ৰেছাৰ মেচিন বহুৱাইছে৷ দ্বীপৰবিল আৰু ভৰলু নৈৰ ক্ষতি কৰা হৈছে৷ ভাৰতৰ ৫০ খন দূষিত চহৰৰ ভিতৰত অসমৰ ১১ খন চহৰ আছে৷ সবাতোকৈ দুৰ্ভাগ্যজনক কথা এয়াই যে অৰণ্য মানৱ যাদৱ পায়েঙৰ বননিখন জুই জ্বলাই ধ্বংস কৰাৰ প্ৰয়াস কৰা হৈছে৷

চৰকাৰে ড্ৰাগছ আৰু ভাং জব্দ কৰা আংশিকভাবে দেখুৱাইছে বুলিও কয় বৰঠাকুৰে৷ তেওঁ কয়, ''চৰকাৰে গুগলৰ পৰা বহু তথ্য আতৰাইছে৷ অসমত প্ৰায় ৫০ লাখ ড্ৰাগছ আসক্ত ল’ৰা-ছোৱালীয়ে নিচামুক্তি কেন্দ্ৰত ভৰ্তি হৈ আছে৷ এইখন চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে৷ মই মাতৃ সমাজক আহ্বান জনাই কও যে এইখন চৰকাৰে মদৰ দোকান খুলি ব্যৱসায় কৰিছে৷ ড্ৰাগছৰ অবাধ বেহা চলিছে৷ মাতৃ সমাজে চিন্তা কৰক ১২৫০ টকাৰে অসম উদ্ধাৰ কৰিব পাৰিব নে নাই৷ আজি ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ গ্ৰাসত যুৱ সমাজ৷’’ অলিয়ে-গলিয়ে ড্ৰাগছ পোৱা যদি তেন্তে ল’ৰা-ছোৱালীৰ পৰা মাতৃ-পুত্ৰ সুৰক্ষিত হয় নে নহয় বুলি প্ৰশ্ন কৰে বৰঠাকুৰে৷ 

আনহাতে, গুৱাহাটী, নগাঁও, ডিব্ৰুগড়, যোৰহাটৰ দৰে বহু চহৰ আজি বানগ্ৰস্ত হৈছে বুলিও সংবাদমেলত উল্লেখ কৰে বৰঠাকুৰে৷ অভিযোগনামাৰ উধৃতিৰে বৰঠাকুৰে কয়, ''চৰকাৰে ভূগৰ্ভস্থ নলাৰ ব্যৱস্থা কৰিব পৰা নাই৷ যেতিয়া শিলসাঁকোত উচ্ছেদ কৰিছিল তেতিয়া কৈছিল যে শিলসাঁকোৰ কাৰণে গুৱাহাটী ডুবি যায়৷ ১২০৪ ঘৰ মানুহক উচ্ছেদ কৰিছে৷ কিন্তু দুটা বছৰত দেখা গ’ল যে শিলসাঁকোৰ বাবে গুৱাহাটীত বান হোৱা নাই৷ বিজ্ঞানসন্মত চিন্তাৰে নলা নিৰ্মাণ নকৰাৰ বাবে চহৰসমূহ বানৰ কবলত পৰিছে৷ ১৬ লাখ টকাৰ চুপাৰচাকাৰ ৪২ লাখ টকাত ক্ৰয় কৰা হৈছে৷ কমিচন অশোক সিংহলে খাইছে এই কথা ৰাইজে জনা দৰকাৰ৷ সিংহলৰ তৰুণ নগৰৰ ১৭ মহলীয়া ফ্লেটৰ বাবে তৰুণ নগৰৰ ৰাস্তাৰ নলা সৰু কৰা হৈছে৷ তৰুণ গগৈৰ দিনত তেওঁ নিজেই পাইজামা কোচাই তৰুণ নগৰলৈ গৈ আধাঘণ্টাৰ ভিতৰত পানী নিষ্কাষণৰ কাম কৰিছিল৷ সেই নলা অশোক সিংহলৰ অবৈধ ফ্লেটলৈ যাবৰ বাবে সৰু কৰা হৈছে৷’’ 

বৰঠাকুৰে আৰু কয় যে আজি এইথখন চৰকাৰে কবিতা লিখিলে ছাত্ৰীক জেলত দিছে৷ মানুহে কথা ক’লে জেললৈ যায়৷ সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে তুমি কোনটো চেনেলৰ আৰু মালিকক কম নেকি বুলি ধমক দিয়ে৷ মালিকক কৈ চাকৰি খাই দিম বুলি কয়৷ বিজেপিৰ বিৰুদ্ধে কথা ক’লৈ চিআইডি পঠায়৷ বাক স্বাধীনতা মৌলিক অধিকাৰ৷ সেই অধিকাৰ খৰ্ব কৰিছে বুলিও বৰঠাকুৰে অভিযোগ কৰে। তেওঁ আৰু কয়, ''এইখন চৰকাৰে মানুহে টোল টেক্স দি থাকিবলগীয়া হৈছে৷ চাৰিওফালে কেৱল কৰ দি থাকিবলগীয়া হৈছে৷ এইখন চৰকাৰ বাকী আৰু ফাকিৰ চৰকাৰ, ভুৱাবাজিৰ চৰকাৰ৷ ১৬ মে’ত বিদেশী খেদিম বুলি কৈ এইখন চৰকাৰে বিদেশী খেদিব নোৱাৰিলে৷ কিন্তু ‘কা’ আনি বিদেশী জাপি দিলে৷ ৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু ১৬ হাজাৰ চাকৰিৰ পৰা ৪২ লাখে আবেদন কৰে৷’’
অপৰাধ বৃদ্ধি হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বদনাম হ’ব বাবে আৰক্ষীক গোচৰ ৰুজু নকৰিবলৈ কৈছে৷ আজি মহিলাৰ সুৰক্ষা নাই৷ কৃষকৰ সুৰক্ষা নাই৷ জেজেএমৰ ঠিকাদাৰৰ পানীত হাঁহনচৰা অৱস্থা৷ জেজেএমৰ ঠিকাদাৰৰ পৰা কাম কৰাই লৈ এতিয়া বিল আদায় দিয়া নাই৷ বিল আদায় নিদিয়াত অটো চলাবলগীয়া হৈছে৷ কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ১০ জনমান ঘনিষ্ঠ ঠিকদাৰে ঠিকা লাভ কৰে আৰু ঠিকাৰ বিল লাভ কৰে বুলিও বৰঠাকুৰে কয়।

সংবাদমেলত ভূপেন বৰাই আজি বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মীৰা বৰঠাকুৰে কয় যে বিজেপিয়ে ইমানকৈ গালি দিয়াৰ পিছতো তেওঁ আজি বিজেপিত যোগদান কৰিছে৷ এনে নিৰ্লজ্জ লোকৰ কথা ক’ব নালাগে বুলি কয়৷ মোৰ কাৰণে তেওঁ এবছৰ আগৰ পৰাই ফেক্টৰ নহয়৷ সুবিধাবাদী মানুহক যিমানে সুবিধা নিদিয়ক কিয় বুলি কটাক্ষ কৰি তেওঁ কয় যে ৰাজ্যৰ সৰ্বোচ্ছ আসনত কংগ্ৰেছে তেওঁক বহুৱাইছে আৰু তেওঁক কি সুবিধা দিব লাগে৷ সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক তেওঁ খবৰবোৰ দি থাকে। এই কথা আগতে মই সকলোকে কৈছো৷ লিকেজ কৰা মেইন মানুহজন ভূপেন বৰা আছিল৷ ভূপেন বৰা ইতিহাস হ’বলৈ বেছি দিন নাই৷ ভূপেন বৰাই সকলো সময়ত ধৰ্মৰ কথা কৈ থকাত মীৰা বৰঠাকুৰে আক্ৰমণ কৰি কয় যে দুই নম্বৰী মানুহেহে সকলো সময়ত ধৰ্মৰ কথা কৈ থাকে৷ আমি পুৱাই ধৰ্ম কৰি ঘৰৰ পৰা ওলাই আহো৷ আমি সকলো সময়তে ধৰ্ম ধৰ্ম কৰি নাথাকো৷ মা কামাখ্যা আৰু বৰদোৱা থানৰ নামত শপত খাইছে৷ শপত খাই বিজেপিলৈ নাযাও বুলি কৈ আজি বিজেপিলৈ গৈছে৷ মা কামাখ্যাই তেওঁক শাস্তি দিব৷ 

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, ''৬নং দফা কাৰ্যকৰী কৰিবলৈ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আজিলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ হৈ-চৈ কৰিছিল বিজেপিয়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আখৰে আখৰে কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কিন্তু আজিলৈ প্ৰেৰণ নকৰিলে৷ তেওঁলোকে ছয় জনজাতিক জনজাতিকৰণ নকৰিলে৷ জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে৷ চাহ জনগোষ্ঠীৰ লোকক বিজেপিয়ে প্ৰৱঞ্চনা কৰিছে৷ ২০০ বছৰে চাহ বাগচাত কাম কৰা শ্ৰমিকক মাটিৰ পট্টা দিম বুলি কৈছিল৷ কিন্তু মই প্ৰত্যাহ্বান জনাইছো যে কিমান পট্টা দিলে সেয়া চৰকাৰে ৰাজহুৱা কৰক৷’’

উল্লেখ্য যে, আজি যোৰহাটটো বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অবিনাশ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিষয়ে যোৰহাটত সংবাদমেলত অংশগ্ৰহণ কৰে। একেদৰে, অহা ২৩ ফেব্ৰুৱাৰীত শোণিতপুৰত বিধায়ক শিৱামণি বৰা আৰু ইস্তাহাৰ কমিটিৰ সদস্য মৌচম বৰুৱাই, ধুবুৰীত বিধায়ক এ. কে ৰশ্বিদ আলম আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মতিউৰ ৰহমানেও সংবাদমেল সম্বোধন কৰিব। ২৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত বিধায়ক প্ৰদীপ সৰকাৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ অমন ৱাদুদে, ২৫ ফেব্ৰুৱাৰীত শিলচৰত প্ৰাক্তন মন্ত্ৰী অজিত সিং আৰু মুখপাত্ৰ সৌম্যকান্তি পুৰকায়স্থই, মঙলদৈত বিধায়ক আব্দুৰ ৰহিম আহমেদে সংবাদমেল সম্বোধন কৰিব বুলিও প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগে জানিবলৈ দিছে।

▪️ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0089 send photograph of congress leader

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর