মুখ্যমন্ত্রী রাজ্যে সুপার ফ্লপ সো দেখালে: দেবব্রত
নমস্কাৰ/খ্ৰুপটাঙ,
আমি আশা কৰা মতেই কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ সন্মুখত চুপাৰ ফ্লপ শ্ব’ খন দেখুওৱালে। তাৰোপৰি ফ্লপ শ্ব’খন সমগ্ৰ ভাৰতবাসীক দেখাবলৈ তেওঁ নিজেই দিল্লী ইত্যাদিৰ পৰা সাংবাদিক আমন্ত্ৰণ কৰি আনিছিল। সেয়েহে, তেওঁ আজি অসমবাসীৰ উপৰিও সমগ্ৰ ভাৰতৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। তেওঁৰ ফুচুৰি চিৰিয়েলখন ইমানেই ফ্লপ হ’ল যে, শিক্ষাৰ্থীসকলে এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাতৰ কুঠাৰ ভৰিত মৰাৰ উদাহৰণত হিমন্ত বিশ্ব শৰ্মাৰ উদাহৰণ লিখিলেও আচৰিত নহ’ম। ইমানদিনে আমি যি কৈ আছিলো সেয়াই কালি হ’ল। মুখ্যমন্ত্ৰীয়ে ক’লে যে SIT-ৰ ক্ষমতা সীমিত, সেয়েহে সকলোখিনি তদন্ত কৰিব নোৱাৰে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে SIT বিশেষজ্ঞ গৰাকীয়ে যে আজিলৈকে SIT-ৰ সীমিত ক্ষমতাৰ বিষয়ে নাজানে, তেন্তে আমিবোৰে আৰম্ভণিৰে পৰা কেন্দ্ৰীয় সংস্থাক তদন্ত কৰিবলৈ দিয়া উপদেশকেই শুনিব লাগিছিল। তেওঁৰ SIT সম্পৰ্কে জ্ঞানৰ অভাৱ দেখি জনশিল্পী জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে কি তদন্ত কৰি থৈছে, তাতো সন্দেহ আছে। এই তদন্তৰ বাবেও মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সংস্থাৰ ওপৰত অবিশ্বাস দেখুওৱাই SIT গঠন কৰি কি কৰিলে সেয়া প্ৰতিগৰাকী অসমীয়াই জানে। হয়তো, খোদ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওপৰতে বিশ্বাসৰ অভাৱ। নহ’লে জানো তেওঁ কেন্দ্ৰীয় সংস্থাক তদন্ত কৰিব নিদিলেহেঁতেন নে? তাতোকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ইমান ডাঙৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি এটা ৬ মাহ ধৰি তেওঁ গাপ কিয় দিলে? যি তদন্ত ৬ মাহ আগতেই ১০ ছেপ্তেম্বৰত সম্পূৰ্ণ হৈ গৈছে,তেতিয়াই কিয় নিদিলে? তেওঁৰ কাৰণে সংবাদমেল দি বাঃ-বাঃ লোৱাটো দেশৰ নিৰাপত্তাতকৈয়ো বেছি প্ৰয়োজনীয় আছিল নেকি? তেওঁৰ মতে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে প্ৰতিবেদন দিব নোৱাৰিলে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ১৯ চেপ্তেম্বৰ তাৰিখে হৈছিল। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই দিয়া তাৰিখৰ ৯ দিন পিছত। আৰু যদি জনগণৰ আবেগক লক্ষ্য কৰিয়ে সংবাদমেলখন নিদিলে, প্ৰতিবেদনখন গৃহ মন্ত্ৰালয়ক কিয় প্ৰতিবেদনখন ততালিকে পঠিয়াই দিব পৰা নগ’ল? দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ ওপৰত তদন্তৰ প্ৰতিবেদন ৬ মাহ গাপ দিয়াটো দেশদ্ৰোহিতা নহয় নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ক সমজুৱাকৈ বা মোৰ ৱাটছএপত দিবলৈ দাবী জনাইছো। শেহত, আপোনালোকৰ ভাৰাতীয়া ভক্তগণে যিমান নিচিঞৰিলেও, অসমৰ ৰাইজে আপোনাৰ ভণ্ডামি বুজিছে আৰু ইয়াৰ সমুচিত প্ৰত্যুত্তৰ অনাগত দিনত ৰাইজে দিব। ধন্যবাদ।
Comments
Post a Comment