অসমের পেনশন প্রাপক সাংবাদিকদের পরিচয় পত্র প্রদান করা হবে

শ্ৰদ্ধাৰ সতীৰ্থ সকললৈ....

শ্ৰদ্ধা আৰু শুভেচ্ছা গ্ৰহণ কৰিব। । বছৰ বাগৰা আমাৰ পেঞ্চনাৰ সকলৰ আদৰৰ সংগঠনটিক গতিশীলতাৰ দিয়াৰ স্বাৰ্থত কালি অৰ্থাত ২০ জানুৱাৰী, ২০২৬  মঙলবাৰে গুৱাহাটীৰ নটবমাত 'অসম পেঞ্চনাৰ সাংবাদিক সংস্থা'ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাৰ আলোচ্য বিষয় সমূহৰ কিছু আভাস এই লেখাৰ জৰিয়তে ডাঙি ধৰিলো।
১) সংস্থাৰ স্থায়ী সভাপতি কেশৱ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ প্ৰাৰম্ভতে সদ্য প্ৰয়াত পেঞ্চনাৰ সাংবাদিক যোৰহাটৰ মিহিৰাম বৰা, ওৰাঙৰ পৱন হাজৰিকাৰ লগতে জ্ঞাত- অজ্ঞাত প্ৰয়াত সতীৰ্থৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মৃত আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰা হয় । 
২) সতীৰ্থ পেন্সনাৰ সকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জনসংযোগ বিভাগে সাংবাদিক পেন্সনাৰ সকলক পৰিচয় জ্ঞাপক পত্ৰ (Identity card) প্ৰদান কৰাৰ বাবে পদক্ষেপ লোৱাত সভাই সন্তুষ্টি প্ৰকাশ কৰে। সংশ্লিষ্ট সাংবাদিক সকলে সঞ্চালকৰ কাৰ্যালয়ত ডাকঘৰ আৰু থানাৰ উল্লেখেৰে নিজৰ শুদ্ধ ঠিকনা,
খ) নিজৰ বিভাগীয় পৰিচয় পত্ৰ 
গ) একোখন ফটো
ঘ) তেজৰ গ্ৰুপ 
ঙ) যোগাযোগৰ বাবে নিজৰ মোবাইল নম্বৰ আৰু বিকল্প এটা মোবাইল নম্বৰ দায়িত্বপ্ৰাপ্ত কৰ্মচাৰী শ্ৰদ্ধেয় জামাল ৰছিদৰ হাতত দাখিল কৰি পেঞ্চনাৰ পৰিচয় পত্ৰ গ্ৰহণ কৰিব পাৰিব। নিজৰ PPO নম্বৰটো সততে হাতত ৰাখিবলৈ নেপাহৰিব। প্ৰয়োজনত বিভাগীয় বিষয়া/কৰ্মচাৰীয়ে বিচাৰিব পাৰে।'
৩) সংস্থাৰ সহকাৰী সম্পাদক ডুমডুমাৰ শ্ৰদ্ধেয় ধীৰেন ডেকাই দিছপুৰত থকা তেখেতৰ বাসগৃহটো সংস্থাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ দি আমাৰ এক ডাঙৰ অভাৱ পূৰণ কৰিলে । আজিৰ সভাত শ্ৰদ্ধেয় ডেকা উপস্থিত নাছিল যদিও এই সন্দৰ্ভত প্ৰয়োজনীয় শপতনামা (Afidafit) অচিৰেই সম্পাদন কৰা হ'ব বুলি সভাক তেখেতে ফোন যোগে জানিবলৈ দিয়ে। ইয়াৰ আগেয়ে ডেকাই আগবঢ়োৱা এই প্ৰস্তাৱটোৰ বিষয়ে সভাত অবগত  কৰায়  উপ-সভাপতি নিৰঞ্জন মহন্তই। সংস্থাৰ মাননীয় সহকাৰী সম্পাদক ডেকা আৰু উপসভাপতি মহন্তলৈ উপস্থিত সদস্যসকলে কৃতজ্ঞতা জ্ঞাপন কৰে ।
৪)  সংস্থাৰ এখন সংবিধান প্ৰণয়ন কৰাৰ বাবে কাৰ্যনিৰ্বাহকৰ সদস্য কৃষ্ণকান্ত কলিতাৰ সহযোগত কোষাধ্যক্ষ উদয় বৰগোহাঁয়ে স্বইচ্ছাই দায়িত্ব গ্ৰহণ কৰে। সভাই দুয়োৰে শলাগ লয়।
৫) সংস্থাৰ পুঁজি সম্পৰ্কে বিশদ আলোচনা কৰি সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ---
*আমাৰ সংস্থাৰ সদস্য ভৰ্তিৰ মাচুল ৫০০ টকাকৈ যিসকল সতীৰ্থই এতিয়াও দিয়া নাই তেওঁলোকক অচিৰে আদায় দিবলৈ অনুৰোধ জনোৱা হ'ল ।
** পঞ্জীয়নৰ কামখিনিৰ বাবদ প্ৰাথমিক খৰচ হিচাপে  
সভাত উপস্থিত থকা মাননীয় উপসভাপতি নলিনী বৰঠাকুৰে  
নগদ ২০০০ টকা, সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা গৌৰেন্দু  চক্ৰৱৰ্তীয়ে ৫০০ টকা আদায় দিয়ে । সংস্থাৰ আন এজন উপসভাপতি শ্ৰদ্ধেয় থানেশ্বৰ নেওঁগে পঞ্জীয়ন আদিৰ বাবে নিজাববীয়াকৈ ২০০০ টকা আগবঢ়াবলৈ আগ্ৰহ কৰা বুলি সভাক অবগত কৰায় শ্ৰদ্ধেয় নলিনী বৰঠাকুৰে। এই ক্ষেত্ৰত কৃষ্ণকান্ত কলিতা আৰু ইকবাল আহমেদে ১০০০ কৈ টকা আগবঢ়োৱাৰ আশ্বাস দিয়ে । 
*** জানুৱাৰীৰ পৰা প্ৰতিজন সদস্যৰ মাহেকীয়া বৰঙণি ১০০ টকাকৈ আদায় দিয়াটো নিশ্চিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই বিষয়টো একান্ত জৰুৰী বুলি গণ্য কৰে । সংস্থাৰ পঞ্জীয়ন আৰু বেংক একাউণ্ট খোলা কামখিনিৰ বাবে বিষয়টো অতি জৰুৰী বুলি সভাই মত পোষণ কৰে। শেষত নিজৰ ভাষণেৰে সভাপতি মহোদয়ে সভাৰ সমাপ্তি ঘোষণা কৰে।

             সম্পাদক
অসম পেঞ্চনাৰ সাংবাদিক সংস্থা

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর