অসমে অজ্ঞাত পরিচয় ভোটারের রম রম অবস্থা

অসমত ‘অচিনাকি’ ভোটাৰৰ ৰমৰমীয়া বেপাৰ! মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত অসম চুক্তি নস্যাৎ কৰি ‘হিন্দী বলয়’ৰ অংশ কৰাৰ ষড়যন্ত্ৰ।

"বিজেপি চৰকাৰে ক্ষমতাৰ খকত অন্ধ হৈ আজি অসমৰ অস্তিত্বৰ লগত হেতালি খেলিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ বা ‘ডিলিমিটেশ্বন’ৰ জৰিয়তে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কথা কোৱা চৰকাৰখনে এতিয়া নিজৰ বিপদ দেখি গোপনে ‘SR’ (Special Revision)-ৰ নামত ভোটাৰ তালিকাত ভয়াৱহ জালিয়াতি আৰম্ভ কৰিছে। মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই এই ষড়যন্ত্ৰৰ মূল হোতা হিচাপে কাম কৰি আছে নেকি?

গুৱাহাটীৰ তয়বুল্লা পথত এটা সৰু কোঠালিত বিহাৰ-উত্তৰ প্ৰদেশৰ ৮০ জন মানুহৰ নাম ভোটাৰ তালিকাত সোমোৱাটোৱেই প্ৰমাণ কৰে যে বিজেপিয়ে ‘হাৰিয়ানা মডেল’ৰ দৰে ভোট চুৰিৰ ফৰ্মুলা অসমতো প্ৰয়োগ কৰিব বিচাৰিছে। প্ৰতিটো সমষ্টিত ৫০০০-১০০০০ লৈকে বাহিৰৰ ভোটাৰ সুমুৱাই অসমৰ ডেম’গ্ৰাফী সলনি কৰাৰ এই অপচেষ্টাৰ উত্তৰ চৰকাৰে দিবই লাগিব।

অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰি, ‘এক দেশ, এক ভাষা’ৰ ফেচিষ্ট নীতি জাপি দিয়া বিজেপিৰ বিৰুদ্ধে অসমবাসী সজাগ হওক। টকা দি ভোট কিনাৰ আৰু ভোটাৰ তালিকাত জালিয়াতি কৰা বিজেপিৰ এই দুমুখীয়া চৰিত্ৰক আমি ধিক্কাৰ জনাইছোঁ।

— দেৱব্ৰত শইকীয়া
(বিৰোধী দলপতি, অসম বিধানসভা)

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর