গুয়াহাটিতে ভূমিকম্প নিয়ে সজাগতা সভা নিউজ পোর্টাল এন ই ফোকাস এর
বিভিন্ন ভূ বিজ্ঞানীৰ সমাহাৰে Nefocus ৰ উদ্যোগত অনুষ্ঠিত হ'ল ভূমিকম্প সজাগতামূলক অনুষ্ঠান- মকড্ৰিল প্ৰদৰ্শনেৰে দেখুৱালে আত্মৰক্ষাৰ কৌশল
Nefocus ৰ উদ্যোগত RVC ৰ সহযোগত NEDFI ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় ভুমিকম্প সজাগতামূলক এক অনুষ্ঠান।এই অনুস্থানত ভূ -বিজ্ঞানী, বিশেষজ্ঞ , শিক্ষাৰ্থী, গৱেষক, চৰকাৰী -বেচৰকাৰী সংগঠনৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। সন্মিলন খনত Geological Survey Of India ৰ Earthquake division সঞ্চালক Gaikungam Rongmei সমল ব্যক্তি হিচাপে উপস্থিত থাকি উত্তৰ পূৰ্বাঞ্চলত ভূমিকম্পৰ ইতিহাস, সম্ভাৱনীয়তা,প্ৰত্যাহ্বান, সুযোগ, আৰু সহযোগিতামূলক কৌশল সম্পৰ্কে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে তেখেতে উল্লেখ কৰে যে সকলোৰে সমূহীয়া সহযোগিতাতহে দুৰ্যোগৰ লগত মোকাবিলা কৰা সহজ।
আনহাতে এই পেনেল আলোচনাত অংশগ্ৰহণ কৰি ইউনিচেফৰ সমন্বয়ক আনন্দ কানুয়ে সুৰক্ষিত অট্টালিকা কি দৰে নিৰ্মাণ কৰা উচিত সেই সম্পৰ্কে মন্তব্য আগবঢ়ায়।ইয়াৰ পাছতে ভূতত্ত্ববিদ (geologist) হেমন্ত বৰগোহাঁইয়ে ভূমিকম্পৰ ইতিহাস, সম্ভাৱনীয়তা আৰু সজাগতা সম্পৰ্কে মন্তব্য আগবঢ়ায়।বক্তব্য সমুহৰ পাছতেই গৃহ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ভূমিকম্পৰ সময়ত ল'ব পৰা ব্যৱস্থা আৰু আত্মৰক্ষাৰ সম্পৰ্কে এক মকড্ৰিল প্ৰদৰ্শন কৰে।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজেশ দত্ত ই সজাগতাৰ সৃষ্টিৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।প্ৰায় দুই শতাধিক মহাবিদ্যায় আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুস্থানত জ্যেষ্ঠ নাগৰিক সমাজ, স্বেচ্ছাসেৱী সংগঠনৰ লগতে বহু কেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, RVC আৰু গৃহ প্ৰতিৰক্ষা বিভাগৰ সহযোগত ভূমিকম্পৰ সুৰক্ষা আৰু সজাগতা সম্পৰ্কে আয়োজন কৰা সন্মিলন খন GMDA আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে PHF এ সহযোগিতা আগবঢ়াই।
Comments
Post a Comment