প্রধানমন্ত্রী গুয়াহাটিতে উন্নয়ন খতিয়ান দিতে গিয়ে কংগ্রেস কে গালি দিলেন : দেবব্রত

⚠️প্ৰধানমন্ত্ৰীৰ ভাষণত উন্নয়নৰ খতিয়ান নে বিফলতা ঢাকি ৰখাৰ কৌশল?

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শেহতীয়া অসম ভ্ৰমণ আৰু ভাষণক লৈ মোৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু পৰ্যবেক্ষণ:
১. নিৰ্বাচনী হতাশা: প্ৰধানমন্ত্ৰীৰ ভাষণত আজি স্পষ্টকৈ উন্নয়নতকৈ নিৰ্বাচনী ভীতি বেছি পৰিলক্ষিত হ'ল। ২০ মিনিটৰ ভাষণত প্ৰায় ৯ মিনিট কেৱল কংগ্ৰেছক গালি পৰাতেই ব্যস্ত থাকিল। এয়া আগন্তুক বিধানসভা নিৰ্বাচনত পৰাজয়ৰ আশংকা নেকি?
২. নিজৰ মন্ত্ৰীকেই সমালোচনা: কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ কথা কোৱা মানে বৰ্তমানৰ বিজেপি চৰকাৰত থকা গুৰুত্বপূৰ্ণ দপ্তৰৰ (শিক্ষা, স্বাস্থ্য, গড়কাপ্টানী) মন্ত্ৰীসকলকেই সমালোচনা কৰা নহয়নে? কিয়নো তেওঁলোক পূৰ্বে কংগ্ৰেছ চৰকাৰৰেই অংশ আছিল। যদিও আজি বিজেপিৰ 'ৱাশ্বিং মেচিন'ত সোমাই তেওঁলোক ধোৱা তুলসীৰ পাত হৈছে।
৩. চাকৰি কেলেংকাৰীৰ স্বীকাৰোক্তি: খোদ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েই পৰোক্ষভাৱে স্বীকাৰ কৰিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত চাকৰিৰ কেলেংকাৰী হৈছিল। এইবোৰ ঢাকিবলৈয়েই মোদী ডাঙৰীয়াই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
৪. প্ৰতিশ্ৰুতি ভংগ আৰু অপমান: ২০১৪ চনৰ ১৬ মে’ত 'বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব' বুলি হুংকাৰ দিয়া মোদীয়ে আজি সেই কথা পাহৰিলে। আনকি অসমৰ আৱেগ, মৰমৰ শিল্পী জুবিন গাৰ্গৰ নাম ল’বলৈও তেখেতৰ অনীহা। বাৰাণসীত প্ৰাচীন মঠ-মন্দিৰ ভঙাৰ বাবে তেওঁক 'ঔৰংজেৱ' আখ্যা দিয়া হৈছে, আৰু অসমতো তেওঁৰ কথাত তেনে এক ধ্বংসাত্মক মনোভাৱেই প্ৰকাশ পাইছে।

দেবব্ৰত শইকীয়া:-
দলপতি, কংগ্ৰেছ বিধায়িনী দল।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর