ভোটার বিশেষ সংশোধনী ভূমিপুত্র দের অস্তিত্বের সংকটে অভিযোগ দেবব্রত সাইকিয়ার
🚨 অসমত ‘SR’ (Special Revision)-ৰ নামত বিজেপিৰ ভয়ানক ভোটাৰ দুৰ্নীতি: অস্তিত্বৰ সংকটত খিলঞ্জীয়া! গুৱাহাটীৰ তয়বুল্লা পথৰ ঘৰত বিহাৰ-উত্তৰ প্ৰদেশৰ মানুহৰ ভিৰ! বিজেপিৰ ‘SR’-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যত। এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া।
- দেবব্ৰত শইকীয়া, দলপতি কংগ্ৰেছ বিধায়িনী দল।
অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসম চুক্তিৰ আধাৰত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে, বিজেপি চৰকাৰে ‘SR’ বা বিশেষ সংশোধন (Special Revision) প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনত এক ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই প্ৰক্ৰিয়াটো আচলতে অসমৰ ডেম’গ্ৰাফী সলনি কৰি দিয়াৰ এক কৌশল।
যি সময়ত অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা বিদেশীক বহিষ্কাৰ কৰিব লাগিছিল, সেই সময়ত বিজেপিয়ে ১৯ লাখ মানুহক বাদ দিয়া এন আৰ চি (NRC) খনক আওকাণ কৰি নতুনকৈ অচিনাকি মানুহৰ নাম ভোটাৰ তালিকাত ভৰাইছে। ৰাহুল গান্ধী ডাঙৰীয়াই এই বিষয়ত সংবাদ মেল পাতি সতৰ্ক কৰি দিয়াৰ পাছতো, নিৰ্বাচন আয়োগ বা চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। বৰঞ্চ চৰকাৰী হেঁচাত পৰি বি এল অ’ (BLO) সকলৰ মানসিক চাপ বৃদ্ধি পাইছে আৰু আনকি মৃত্যুৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও ঘটিছে।
বিজেপিৰ এই ‘হিন্দুত্ববাদী সাম্ৰাজ্যবাদ’ আৰু ‘এক দেশ, এক ভাষা’ৰ এজেণ্ডাই অসমৰ ভাষা-সংস্কৃতি আৰু খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। অসমৰ জনসাধাৰণ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সজাগ হোৱাৰ সময় সমাগত। আমাক প্ৰব্ৰজনকাৰীৰ বোজা জাপি দিয়া ‘SR’ নালাগে, আমাক লাগে এখন নিকা আৰু বিদেশীমুক্ত অসম।
Comments
Post a Comment