বিরোধী দলপতি দেবব্রত সৈকিয়া ,অভিযোগ
১। অমিত শ্বাহ ডাঙৰীয়াই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানতে হিন্দু-মুছলমানৰ প্ৰসংগ টানি আনি যি ধৰ্মীয় উত্তেজনা সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিলে, সেয়া আমাৰ মহাপুৰুষজনাৰ প্ৰতি এক অপমান। তেওঁ চাগে নাজানে যে, মহাপুৰুষজনাই হিন্দু-মুছলমানৰ বিভেদ নকৰি এখন ঐক্যবদ্ধ সমাজ গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ অন্যতম প্ৰিয় ভকত চান্দসাই এগৰাকী মুছলমান ধৰ্মাৱলম্বী ব্যক্তি আছিল। আজি গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত থিয় দি অমিত শ্বাহ ডাঙৰীয়াই যিবোৰ ধৰ্মীয় অসহিষ্ণুতাৰ বাৰ্তা দিলে, সেয়াই গুৰুজনাৰ অমৰ চেতনাক আঘাত দিছে। বিজেপিয়ে আমাৰ গুৰুজনাক এনেদৰে ৰাজনৈতিক বক্তব্যৰ কাৰণে ব্যৱহাৰ কৰা কাৰ্য অত্যন্ত গৰিহণাযোগ্য।
২। বিজেপি চৰকাৰে বাৰে বাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা কয়। কিন্তু বিধায়ক বিজয় মালাকৰৰ কথা শুধিলে গা পুৰে। আনহাতে, বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপি অসমত শাসনাধিস্থিত হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ১৬ মে’ তাৰিখে অবৈধ বাংলাদেশীক টালি-টোপোলা বান্ধি পঠিওৱাৰ কথা আছিল। এই প্ৰতিশ্ৰুতিৰ ১২ বছৰ সম্পূৰ্ণ হ’বৰ হ’ল। অৰ্থাৎ এটা যুগ। কিন্তু বাংলাদেশী নগ’ল। ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি যিসময়ত কংগ্ৰেছে প্ৰায় ৯০০০০ অবৈধ নাগৰিকক বিতাৰণ কৰিছে, বিজেপিয়ে ৩০০০ ৰ ঘৰে চুব পৰা নাই। এতিয়াও তেওঁলোকে ভৱিষ্যতে কৰিব বুলি কৈ আছে। আচলতে, তেওঁলোকে কৰিব নিবিচাৰে। কাৰণ অবৈধ নাগৰিকক বিতাৰণ কৰিলে, তেওঁলোকৰ ৰাজনীতিৰ দোকান বন্ধ হ’ব। গতিকে সৱ ঝুমলাবাজী। নিৰ্বাচন আহিলে এইবোৰ আৱেগবিহ্বল ভাষণ দিব। তাৰপিছত ফুটুকাৰ ফেন। আগতে দিল্লী কা লাদ্দুৰ কথা কৈছিল, কিন্তু গুজৰাটী লাদ্দু আৰু ভয়ংকৰ। এয়া সমগ্ৰ ভাৰতে দেখিছে। কেৱল কথাই সাৰ।
৩। মোৰ প্ৰশ্ন হ’ল যদি বিজেপিৰ উন্নয়নবাদী চৰকাৰ, প্ৰগতিশীল, ডাবল ইঞ্জিনৰ চৰকাৰখনে যদি সচাঁই বিকাশ কৰিছে, তেন্তে মানুহক ধৰ্মৰ ললিপপ কিয় খুওৱাব লাগে? যদি নিবনুৱা সমস্যাৰ সচাঁই সমাধান কৰিছে, তেন্তে যুৱ-চামক ফুচুলাব কিয় লাগে? আচলতে, তেওঁলোক ডাবল ইঞ্জিন নহয়, ডাবল ঝুমলাৰ চৰকাৰ।
Comments
Post a Comment