করবিআলিং নিয়ে কংগ্রেস দলের অবস্থান

কাৰ্বি আংলংৰ ঘটনা: বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে আমাৰ অৱস্থান...

আজি পশ্চিম কাৰ্বি আংলংৰ খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ বুজ ল’বলৈ কংগ্ৰেছ, এজেপি, চিপিএম (CPM), ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ এটা সঁজাতি দলৰ সৈতে আমি ঘটনাস্থলীত উপস্থিত হ’লোঁ। তাৰ শেহতীয়া পৰিস্থিতি সঁচাকৈয়ে হৃদয়বিদাৰক।

আমাৰ মূল পৰ্যবেক্ষণ আৰু দাবীসমূহ:
🔹 দুখজনক প্ৰাণহানি আৰু চৰকাৰৰ ব্যৰ্থতা: এই সমগ্ৰ ঘটনাত যিসকল নিৰীহ লোকৰ প্ৰাণহানি হ’ল, তেখেতসকলৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰক্ষীৰ হস্তক্ষেপত হোৱা মৃত্যু আৰু প্ৰশাসনৰ চৰম ব্যৰ্থতা অতি দুৰ্ভাগ্যজনক। আনকি অসুস্থতাৰ বাবে ঘৰৰ পৰা ওলাই আহিব নোৱাৰা এজন ব্যক্তিয়েও এই সংঘাতত প্ৰাণ হেৰুৱাব লগা হ’ল।
🔹 দ্বিচাৰিত স্থিতি: পশ্চিম বংগত সৰু ঘটনা হ’লেই ৰাষ্ট্ৰপতি শাসন বিচৰা বিজেপিয়ে অসম জ্বলি থাকোঁতে আজিলৈকে কোনো বিশেষ ব্যৱস্থা লোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ আৰু কাৰ্বি পৰিষদ এই পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
🔹 ৰাজনৈতিক ষড়যন্ত্ৰ: এয়া স্পষ্ট যে কেৱল ভোটবেংকৰ স্বাৰ্থত পাহাৰ-ভৈয়াম আৰু জাতি-জনজাতিৰ মাজত বিভাজন সৃষ্টি কৰি ‘ডিভাইড এণ্ড ৰুল’ (Divide and Rule) নীতি চলোৱা হৈছে।
🔹 সাংবিধানিক অধিকাৰ আৰু পুনৰ সংস্থাপন: আমি ষষ্ঠ অনুসূচী আৰু অসম চুক্তিৰ জৰিয়তে জনজাতিসকলক প্ৰদান কৰা সুৰক্ষাক পূৰ্ণ সমৰ্থন কৰোঁ। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, উচ্ছেদৰ পূৰ্বে বিকল্প ব্যৱস্থা বা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব। সকলো ভাৰতীয় নাগৰিকৰে জীয়াই থকাৰ অধিকাৰ আছে।
🔹 তৎকালীন পদক্ষেপ: এই সংঘাতত যিসকল লোকৰ মৃত্যু হ’ল বা যিসকলৰ ঘৰ-দুৱাৰ আৰু দোকান-পোহাৰ ধ্বংস হ’ল, তেখেতসকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিবই লাগিব।
আমাৰ দাবীসমূহ উত্থাপন কৰিবলৈ আমি অহা কাইলৈ মাননীয় ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰিম। শান্তি আৰু ন্যায় প্ৰতিষ্ঠা হ’বই লাগিব।

#KarbiAnglong #Assam #Justice #Peace #AssamAccord

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর