ভূমিহীন চা শ্রমিক সমস্যা নিয়ে বিজেপি সরকার নীরব

💥ভূমিহীন চাহ শ্ৰমিকৰ 'মাটিৰ পট্টা' আৰু কৃষকৰ 'আয় বৃদ্ধি'ৰ প্ৰশ্নত চৰকাৰ আজি পুনৰ নীৰৱ...
 দেবব্রত সাইকিয়া ,বিরোধী দলপতি
অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগ আৰু আমাৰ কৃষক ৰাইজৰ সমস্যাবোৰ সদনত আজি স্পষ্টকৈ দাঙি ধৰিলোঁ। কিন্তু চৰকাৰৰ উত্তৰত কেৱল ফালৰি কটা মনোভাৱহে প্ৰকাশ পালে!

আজি বিধানসভাত মই তলত উল্লিখিত গুৰুত্বপূৰ্ণ প্ৰশ্ন তথা প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ:

১. চাহ উদ্যোগৰ সংকট মোচন: ৰাজ্যৰ চাহ উদ্যোগে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰি কৃষি খণ্ডৰ উন্নয়নত অগ্ৰাধিকাৰ দিয়া।
২. ভূমি পট্টা আৰু নিবনুৱা সমস্যা: ভূমিহীন চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা আৰু চাহ বাগিচাসমূহত নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা।
৩. বিশেষ পুঁজি: চাহ শ্ৰমিকৰ সামগ্ৰিক কল্যাণৰ বাবে এক 'বিশেষ বিত্তীয় পুঁজি' আৱণ্টন দিয়া।
 
দুৰ্ভাগ্যজনকভাৱে, বিভাগীয় মন্ত্ৰী মহোদয়ে এই নিৰ্দিষ্ট সমস্যাবোৰৰ কোনো সঠিক সমাধান নিদি মূল বিষয়ৰ পৰা ফালৰি কাটি গ'ল। কেৱল গল-ভৰা কথাৰে চৰকাৰে দায়িত্ব সামৰিব বিচাৰিছে। 

কিন্তু আমিও থমকি নৰওঁ, ৰাইজৰ এই ন্যায্য দাবীৰ বাবে আমাৰ যুঁজ সদনৰ মজিয়াত আৰু বাহিৰত চলি থাকিব।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর