মুখ্যমন্ত্রী গৌরব গগৈ নিয়ে নীরব কেন?
আজি ১০ ছেপ্টেম্বৰ! মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ৭ মাহ ধৰি গাই থকা গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰাৰ দিন। সমগ্ৰ ৰাজ্যজুৰি জনতাক কৈ অহা ১০ ছেপ্টেম্বৰত ডাঙৰ তথ্য উজাগৰ কৰাৰ দিনটো আজি আহিল। বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা, সংবাদ মাধ্যমকে লৈ পঞ্চায়ত নিৰ্বাচনত এই অপ প্ৰচাৰ চলাই অহা মুখ্যমন্ত্ৰীৰ মুখত কিন্তু যোৱা কালিৰ তেখেতৰ সংবাদ মেলখনত এনেকুৱা একো সম্ভেদ ৰাইজে নাপালে। আমি সকলোৱে অপেক্ষা কৰিছিলোঁ, এনেকুৱা কি দেশ বিৰোধী কামনো আমাৰ সাংসদ গৰাকীয়ে কৰিলে। যিটোৰ তদন্ত কৰিবলৈ SIT পৰ্যন্ত গঠন কৰা হ'ল। কিন্তু আজি ভাৱ হৈছে, এনেকুৱা একো বিশেষ তথ্য মুখ্যমন্ত্ৰী মহোদয়ে দিব নোৱাৰে। যদি তেখেতে তথ্য দিব নোৱাৰে তেন্তে সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত তথা আমাৰ কংগ্ৰেছ দলক ক্ষমা প্ৰাৰ্থনা জনাব লাগে। একমাত্ৰ ৰাজনীতিৰ বাবে আমাৰ দলটোক তথা আমাৰ নেতাসকলক অপমান কৰাতো সহ্য কৰিব নোৱাৰি। মোৰ বিশ্বাস, ৰাইজে ও ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিব।
— দেবব্ৰত শইকীয়া, দলপতি কংগ্ৰেছ বিধায়িনী দল
Comments
Post a Comment