গুয়াহাটিতে ব্যতিক্রম এর উদ্যোগে প্রাক স্বাধীনতা উৎসব সম্পন্ন

ব্যতিক্ৰমৰ উদ্যোগত “আজাদী কা যশন” প্ৰাক-স্বাধীনতা দিৱস উদযাপন সফলভাবে সম্পন্ন
 মৰ্মিতা মিত্ৰৰ অসাধাৰণ সংগীত অনুষ্ঠান।

গুৱাহাটী, ৮ আগষ্টঃ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ প্ৰেক্ষাগৃহ, ৮ তাৰিখ সন্ধিয়া ৬ বজাৰ পৰা মাছখোৱাত ব্যতিক্ৰমৰ উদ্যোগত আৰু গুৱাহাটী লায়ন্স ক্লাব অফ ব্যতিক্ৰমৰ সহ-আয়োজনে “আজাদী কা যশন” নামৰ এক সাংস্কৃতিক সন্ধিয়া সফলভাবে অনুষ্ঠিত হয়।
 সাংস্কৃতিক অনুষ্ঠানটোৰ আৰম্ভণি ৰাষ্ট্ৰীয় সংগীত  আৰু জাতীয় সংগীক সন্মান জনাই । অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত আছিল   ছাই বিকাশ ৰ সঞ্চালক পি এছ ৰেড্ডী , অৱসৰপ্ৰাপ্ত আয়ুক্ত তথা সচিব কৃষ্ণা বৰুৱা,কবি বিকাশ চৰকাৰ, অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়াঢ ৰাজবী হুছেইন , অধিবক্তা সোহেলী ছীল চৰকাৰ , অধিবক্তা এছ ছি বিশ্বাস ,   সামাজিক কৰ্মী সঞ্জয় গুপ্ত , সোনালী গুপ্তা  ,প্ৰতিষ্ঠাপক অনলী্-চেফ অমিতাভা দত্ত , ব্যতিক্ৰমৰ তথা ব্যতিক্ৰম লায়ন্স ক্লাব গুৱাহাটীৰ সভাপতি ডঃ সৌমেন ভাৰতীয়াই। আমন্ত্রিত অতিথিবৰ্গৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ  কৰে।
 উল্লেখযোগ্য যে, বন্তি প্ৰজ্বলনৰ সময়ত ব্যতিক্ৰমৰ তৰফৰ পৰা অসম শিশু আৰু মহিলা কল্যাণ সমিতিৰ আবাসী সকলৰ বাবে ৫১,০০০ টকা অনুদান আগবঢ়োৱা হয়। আবাসীসকলৰ বিষয়ে জানি, ছাই বিকাশৰ সঞ্চালক পি. এছ. ৰেড্ডীয়ে ব্যক্তিগতভাৱে ১ লাখ টকা আগবঢ়াই  আৰু অধিবক্তা সোহেলী ছীল চৰকাৰ লগতে অধিবক্তা এছ. চি. বিশ্বাসৰ পক্ষৰ পৰা ২১,০০০ টকা অনুদান আগবঢ়োৱা হয়।
 অৱসৰপ্ৰাপ্ত আয়ুক্ত আৰু অসম শিশু আৰু মহিলা কল্যাণ সমিতিৰ আবাসীসকলৰ পৰিচালক কৃষ্ণা বৰুৱাই অনুষ্ঠানৰ জৰিয়তে সংগঠনটোক আগবঢ়োৱা সহায়ৰ বাবে আয়োজকসকলক গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আবেগপ্ৰবণভাৱে কয় যে, এই সহায়ে সংগঠনটোৰ আবাসীসকলৰ জীৱনত আনন্দ আৰু আশা বঢ়াই দিব। লগতে, আগলৈও এই ধৰণৰ স্নেহভৰা সহায়-সহযোগিতা অব্যাহত থাকিব বুলি গভীৰ আশা প্ৰকাশ কৰে।
ছাই বিকাশৰ সঞ্চালক পি. এছ. ৰেড্ডীয়ে কয় যে, আজিৰ অনুষ্ঠানৰ মাজেৰে দেখা পালোঁ যে সমাজৰ প্ৰতি সঁচা সহমৰ্মিতা আৰু সহায়ৰ মনোভাৱেই একতাবদ্ধতাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। তেওঁ আশা প্ৰকাশ কৰে যে, ব্যতিক্ৰম এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আগলৈও সমাজলৈ ইতিবাচক পৰিৱর্তন আনিব।
  অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় শিল্পী মৰ্মিতা মিত্ৰৰ একক সংগীতানুষ্ঠান দেশপ্ৰেমমূলক তথা অনুপ্ৰেৰণামূলক গীতৰে উপস্থিত দর্শকক মোহিত কৰে। অনুষ্ঠানটোৰ মূল লক্ষ্য আছিল স্বাধীনতাৰ বাবে আত্মত্যাগ কৰা বীৰসকলক সন্মান জনোৱা আৰু নাগৰিকসকলক ঐক্য আৰু গৌৰৱৰ বার্তা প্ৰদান কৰা। সকলো দৰ্শকে তেওঁ প্রদৰ্শিত সংগীতানুষ্ঠান পূৰ্ণৰূপে উপভোগ কৰি উল্লাসিত হয়।
   আদৰণি ভাষাত ব্যতিক্ৰম তথা ব্যতিক্ৰম লায়ন্স ক্লাব গুৱাহাটীৰ সভাপতি ডঃ সৌমেন ভাৰতীয়াই কয়, “এই উদযাপন স্বাধীন ভাৰতৰ মনোভাৱ আৰু ত্যাগৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি। “আজাদী কা যশন”ৰ জৰিয়তে আমি এনে এটা বিশেষ মুহূৰ্ত সৃষ্টি কৰিছো, য’ত মানুহে একে সূত্ৰত সংযোগ স্থাপন কৰিব পাৰে, ইতিহাসৰ গৌৰৱময় অধ্যায়বোৰ মনত পেলাব পাৰে আৰু শিল্প-সংগীতৰ সুৰত স্বাধীনতাৰ মুল্যবোধ উদযাপন কৰিব পাৰে। লগতে, আমি বিশ্বাস কৰো যে প্ৰত্যেকে নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়ালে এই স্বাধীনতাৰ সঁচা অৰ্থ অধিক অৰ্থবহ আৰু সজীৱ হ’ব।
অনুষ্ঠানত সহযোগিতা আগবঢ়াই অনল চেফে, ৰেডিঅ মিৰ্চি, প্ৰাগ নিউজ আৰু ইষ্টাৰ্ন ক্ৰনিকলে । 
অনুষ্ঠানত জয়তী ভাতাচাৰ্জী পৰিচালনাৰে এটি দেশপ্ৰেমমূলক গীতৰ দলীয় সংগীত পৰিবেশন কৰে। পাঞ্জালী চৰকাৰে এটি ভাৰতনাট্যম পৰিবেশন কৰে লগতে অসম শিশু আৰু মহিলা কল্যাণ সমিতি  কন কন আবাসী সকলে নৃত্য পৰিবেশনেৰে দৰ্শন দৃষ্টি আকৰ্ষণ কৰে।
ব্যতিক্ৰমৰ এই অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ পোৱা মহানুভৱতা সঁচাকৈয়ে সলাগ লোৱাৰ যোগ্য। মনোৰঞ্জন, দেশপ্ৰেম আৰু সম্প্ৰদায়িক অংশগ্ৰহণৰ অপূৰ্ব সমন্বয়েৰে “আজাদী কা যশন” গুৱাহাটীৰ সাংস্কৃতিক পৰিৱেশত এক উজ্জ্বল, অনুপ্ৰেৰণাদায়ক আৰু স্মৰণীয় সন্ধ্যা হিচাপে স্থান লাভ কৰিলে।

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর

শুভ মহালয়া তিথিতে ১৮ তম "নয়া ঠাহর পুজো সংখ্যা প্রকাশ

প্রণব আচার্য্য লিখিত বৈষ্ণব গ্রন্থ প্রকাশ