দেশের দুই বিশিষ্ট সাংবাদিক কে অসম পুলিশের সমন জারি

▪️দেশৰ দুই বিশিষ্ট সাংবাদিকক অসম আৰক্ষীয়ে চমন জাৰি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ

গুৱাহাটী, ২০ আগষ্টঃ অসম আৰক্ষীৰ অপৰাধ শাখাই দেশৰ দুজন স্বনামধন্য সাংবাদিক কৰণ থাপাৰ আৰু সিদ্ধাৰ্থ ভৰদৰাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বিষয়টো বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 'দ্য হিন্দু’ আৰু 'দ্য ৱায়াৰ’ত সাংবাদিকতা কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰা এই দুয়োজন সাংবাদিকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে যদিও অভিযোগৰ বিৱৰণ আৰু এআফআইআৰত স্পষ্টতা নাই। নিৰপেক্ষ সাংবাদিকতাৰ ধ্বজাবাহী সেৱা আগবঢ়োৱা বাবে এই দুয়োজন সাংবাদিকে ৰামনাথ গোয়েংকা সন্মান লাভ কৰিছে অসম আৰক্ষীৰ এই চমন দেশৰ সৰ্বোচ্চ আদালতে 'দ্য ৱায়াৰ’ৰ প্ৰতিষ্ঠাপক সম্পাদকজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি অগ্ৰিম জামিন যোৱা ১২ আগষ্টত প্ৰদান কৰিছিল। দেশৰ সংকটৰ সময়ত হ’ব পৰা সমস্যাৰ কথা ৰাইজক জনোৱাতো সাংবাদিকতাৰ ধৰ্ম বুলি আদালতে উল্লেখ কৰিছিল। অন্যহাতে সাংবাদিকতাৰ লগত জড়িত বিশিষ্ট নাগৰিকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত গোচৰত এফআইআৰৰ প্ৰতিলিপি সোধা-পোছাৰ পূৰ্বে যোগান ধৰাতো বাঞ্চনীয় বুলি স্পষ্ট কৰি দিছিল। দেশৰ দুয়োজন সাংবাদিকক নিজৰ মত প্ৰকাশৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বাধা দিবলৈ কৰা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ অপপ্ৰয়োগ আৰু অবৈধ বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিবলৈ অসম আৰক্ষীক এক বাৰ্তাৰ দ্বাৰা আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। 

▪️বেদব্ৰত বৰা
অধ্যক্ষ, এপিচিচিৰ মিডিয়া বিভাগ

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর