রূপনগর সেবা মন্দিরের পাবলিক নামঘর উন্মোচন

 গুয়াহাটি ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি

 গুৱাহাটী: গুৱাহাটী পৌৰনিগমৰ
মেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ দ্বাৰা নিৰ্মিত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি কৰে।
এই উপলক্ষে নামঘৰ প্ৰাংগণত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মেয়ৰ মৃগেন শৰণীয়াই কয়- এই নামঘৰটোৰ সামগ্ৰিক উন্নয়নৰ লগতে চাৰিওফালে দেৱাল দিয়ৰো কাম আৰম্ভ হ'ব। লগতে নামঘৰৰ চৌদহত গছপুলি ৰোপন কৰা হ'ব। নামঘৰটোত বাপ-আইসকলে যাতে নাম-প্ৰসংগ সুচাৰুভাৱে কৰি যাব পাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহন  কৰা হ'ব। তেওঁ লগতে
অঞ্চলটোৰ বাট-পথকে ধৰি অন্যান্য সমস্যা শীঘ্ৰে সমাধানৰ কৰা হ'ব বুলি কয়। সভাত বিশিষ্ট অতিথি হিচাপে জয়ন্ত কলিতা,সত্যজিত দাস, সঞ্জয় সিং,ৰাহুল মেধি,গোলক ৰাজবংশীৰ লগতে নামঘৰৰ উপদেষ্টা দময়ন্তী ডেকা, সভাপতি মহিমা দাস,সম্পাদক দিপ্তী দাস, ধন ভৰালী উৰ্বশী দাস,, সদস্য ক্ৰমে,পূৰ্ণিমা দাস, মঞ্জুবালা দাস, বেবী সোণোৱাল ,,ৰূপম দাস,  ৰুণজুন শর্মা, ৰিজু কোৱঁৰ, ৰুণুবালা দাস, আদি উপস্থিত থাকে।

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে প্রকাশ পাবে বাংলা শারদ সংখ্যা নয়া ঠাহর

বাংলাদেশের ময়মনসিংহ জেলাতে সত্যজিৎ রায়ের জন্মভিটা রক্ষার আহ্বান ভারতের