বিজেপি বিভাজন মূলক রাজনীতি : দেবব্রত
বিজেপিৰ বিভাজনমূলক ৰাজনীতি আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এক স্পষ্ট সকীয়নি! 🛑
কালি বিজেপি বিধায়ক শিলাদিত্য দেৱে আমাৰ পৱিত্ৰ সংবিধান, গণতন্ত্ৰ আৰু অসমৰ সমাজ জীৱনক অপমান কৰি যিবোৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে, সেয়া অত্যন্ত গৰিহণাযোগ্য। যিজন ব্যক্তিয়ে সংবিধানৰ শপত লৈ বিধায়ক হৈছে, তেওঁ আচলতে "লুপহ'ল নহয়, মেনহ'ল আছে" বুলি কৈ বাবাসাহেব আম্বেদকাৰকে ধৰি সংবিধান প্ৰণেতাসকলকহে চৰম অপমান কৰিছে।
যেতিয়া নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পক্ষপাতিত্ব আৰু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উঠে, তেতিয়া বিজেপিয়ে প্ৰকৃত তদন্তৰ সলনি আয়োগক বচাবলৈহে উঠি-পৰি লাগে কিয়? আমাৰ প্ৰতিবাদ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে, কিন্তু ভোট-জলকীয়া লাগিছে বিজেপিত! ইয়েই প্ৰমাণ কৰে যে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত কিবা এক বুজাবুজি চলি আছে।
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ ১৯৪৭ চনৰ দেশ বিভাজনৰ দোহাই দি ৰাস্তাৰ নাম সলনি কৰাৰ কথা কোৱা বিজেপিয়ে পাহৰি গৈছে যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেশ বিভাজনকাৰী ফজলুল হকৰ লগতে মুছলিম লীগৰ সৈতে মিলি চৰকাৰ গঠন কৰিছিল।
অসমৰ প্ৰাক্তন মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰক লৈ কৰা মন্তব্যই শিলাদিত্য দেৱৰ ইতিহাসৰ অজ্ঞতা আৰু কু-মানসিকতাকে উদঙাই দিছে। তেখেত কোনো বিদেশী নাছিল, বৰঞ্চ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি আছিল। চৈয়দসকল ষোল্লশ শতিকাতেই অসমলৈ আহিছিল।
আন্না হাজাৰেৰ আন্দোলনৰ বিষয়েও সকলোৱে জানে যে কেনেদৰে বিজেপি আৰু আৰ.এছ.এছ-এ তেওঁক ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছিল। লগতে, AIUDF যে আচলতে বিজেপিৰ বি-টীম, সেই কথাও আজি অসমৰ ৰাইজে ভালকৈয়ে বুজি পাইছে।
ৰাইজ, বিজেপিৰ এই সাম্প্ৰদায়িক আৰু বিভাজনৰ ৰাজনীতিত ভোল নাযাব, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজত আমি সকলোৱে একগোট হৈ থিয় দিব লাগিব।
জয় আই অসম। জয় হিন্দ।
Comments
Post a Comment