নির্বাচন কমিশন বিজেপি দলের কার্যালয় : দেবব্রত সৈকিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত নিৰ্বাচন আয়োগক বিজেপিৰ এক দলীয় কাৰ্যালয়লৈ পৰ্যবসিত কৰা হৈছে। 'Special Intensive Revision' (SIR)-ৰ নামত সমগ্ৰ দেশৰ ১৩ কোটি যোগ্য ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰি শাসকীয় দলক কৃত্ৰিমভাৱে নিৰ্বাচন জিকাবলৈ এক সুপৰিকল্পিত 'ভোট চুৰি'ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে।
আন দুজন নিৰ্বাচন আয়ুক্তৰ ১৪ বাৰকৈ জনোৱা লিখিত আপত্তি আওকাণ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞনেশ কুমাৰে যিদৰে একনায়কত্ববাদী কায়দাৰে নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে আয়োগ চলাই আছে, সেয়া অসাংবিধানিক আৰু দেশৰ বাবে চৰম অশনি সংকেত।
মোৰ দৃঢ় দাবী—
১) গণতন্ত্ৰ লুণ্ঠনৰ মূল কাণ্ডাৰী মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞনেশ কুমাৰে তৎকালীনভাৱে পদত্যাগ কৰিব লাগে!
২) ১৩ কোটি ভোটাৰৰ নাম কৰ্তনৰ এই SIR প্ৰক্ৰিয়া অনতিপলমে বাতিল কৰিব লাগে।
৩) নিৰ্বাচন আয়োগৰ সকলো কাৰ্যকলাপৰ এক নিৰপেক্ষ সংসদীয় তদন্ত হ'ব লাগে।
এই অগণতান্ত্ৰিক আৰু ফেচীবাদী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিগৰাকী সচেতন নাগৰিক আৰু যুৱ সমাজ একত্ৰিত হোৱাৰ সময় আহি পৰিছে।
জয় হিন্দ! জয় আই অসম!
Comments
Post a Comment