জুবিন হত্যাকাণ্ডের বিচার চাই

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি আৰু ন্যায়ৰ দাবী!

আজি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত মই তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ সমগ্ৰ অসমৰ কণ্ঠ, আৱেগ আৰু পৰিচয় হৈ পৰিছিল। তেওঁৰ কায়িক অনুপস্থিতি আজিও আমাৰ বাবে অবিশ্বাসযোগ্য।

আজিৰ দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি চৰকাৰক কিছু প্ৰশ্নও কৰিব লাগিব। তেওঁৰ অকাল মৃত্যুৰ সম্পূৰ্ণ সত্য আজি অসমৰ ৰাইজে জানিব পাৰিলেনে? মই আৰম্ভণিৰে পৰাই ন্যায়িক তত্বাৱধানত চি বি আই-ৰ তদন্তকে আদি কৰি বিধানসভাৰ সৰ্বদলীয় কমিটীৰ গঠন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে এক স্বচ্ছ আৰু বিশ্বাসযোগ্য তদন্তৰ দাবী কৰি আহিছোঁ। চৰকাৰে ন্যায়াধীশ সুমিত্ৰ শইকীয়া কমিচন গঠন কৰি ৬ মাহৰ ভিতৰত অৱহেলা আৰু ষড়যন্ত্ৰৰ দিশটো পৰীক্ষা কৰিবলৈ দিছিল যদিও, ইয়াৰ কাৰ্যকালহে বৃদ্ধি কৰা হ'ল। অসমৰ ৰাইজে এতিয়া জানিব বিচাৰে এই তদন্তৰ ফলাফল কি ওলাল?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ ভিতৰে-বাহিৰে বাৰে বাৰে হত্যা আৰু ষড়যন্ত্ৰৰ কথা কৈছিল। এছ আই টি (SIT)-এ প্ৰায় ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰাৰ পিছতো আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে আজিলৈকে কিয় ন্যায় নাপালে?
তদুপৰি, 'জুবিন ক্ষেত্ৰ'ত যি তৰিৎ গতিত আন্তঃগাঁথনিৰ কাম চলিব লাগিছিল, সেয়াও আজিকোপতি হৈ নুঠিল। ধূলি-বৰষুণত জুবিনৰ শেষ আশ্ৰয়স্থলীখনৰ দুৰৱস্থাৰ খবৰ পাই আজি  অসমবাসীয়ে প্ৰশ্ন কৰিছে— জুবিনক কিয় এনেদৰে অৱহেলা কৰা হৈছে?

জুবিনৰ প্ৰথম মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ মোৰ আহ্বান— জুবিনক শীঘ্ৰে ন্যায় দিয়ক আৰু জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম তৰিৎ গতিত সম্পূৰ্ণ কৰক।

#ZubeenGarg #JusticeForZubeenGarg #ZubeenKshetra #Assam #DebabrataSaikia

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

কান্দি রেডক্রস সোসাইটি অরণ্য সপ্তাহ

কান্দিতে বাঙালি সংস্কৃতি ইতুর খন্ড চিত্র