অসমের বন্যা পরিস্থিতি ,অসম নাগাল্যান্ড খনি , কয়লা উত্তোলন অন্যতম কারণ

শেহতীয়াকৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ দায়িত্বজ্ঞানহীন মন্তব্য প্ৰকাশ কৰিলে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। "ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ মই, ভূগোলৰ নহয়" বুলি কৈ তেখেতে নিজৰ গৃহ বিভাগ আৰু চৰকাৰৰ ব্যৰ্থতাক ঢাকিবলৈ চেষ্টা কৰিছে।

অসম-নাগালেণ্ড সীমান্তৰ অবৈধ কয়লা খনন, আগ্ৰাসন আৰু জনসাধাৰণৰ সুৰক্ষাৰ সন্দৰ্ভত মই ২০১৮ চনৰ পৰাই বিভিন্ন তথ্য-প্ৰমাণসহ চৰকাৰ তথা মুখ্যমন্ত্ৰীক বাৰম্বাৰ অৱগত কৰি আহিছোঁ। চৰকাৰী বিষয়াৰ প্ৰতিবেদন, লেবাৰ কমিশ্বনাৰৰ নিৰ্দেশনা আৰু ৮৩ জনাতকৈও অধিক স্থানীয় ৰাইজৰ স্বাক্ষৰ থকা পত্ৰ যোগান ধৰাৰ পিছতো চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়সমূহত কিয় মৌনতা অৱলম্বন কৰিলে?

টিভি চাই বা বাতৰি পঢ়ি বান আৰু সীমান্তৰ বুজ লোৱা এইখন চৰকাৰে সীমান্ত সুৰক্ষা আৰু দুৰ্যোগ প্ৰশমনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

মোৰ স্পষ্ট দাবী:

১/ অসম-নাগালেণ্ড সীমান্তৰ অবৈধ খনন আৰু আগ্ৰাসনৰ বিৰুদ্ধে এখন মাননীয় উচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰক।

২/ যিসমূহ অসাধু ব্যৱসায়ী আৰু অৱহেলাকাৰী বিষয়াৰ বাবে আজি এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ল, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়ক।

ৰাইজৰ স্বাৰ্থত, অসমৰ মাটিক সুৰক্ষিত কৰাৰ যুঁজখনত মই সদায় দৃঢ়তাৰে থিয় দি যাম!


#DebabrataSaikia #AssamPolitics #AssamFlood #AssamNagalandBorder #BJPFailures #fail #Assam #AssamCongress #INC #Political

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন