অসম সাংবাদিক সংস্থার পুব মণ্ডল কমিটি গঠন

*অসম সাংবাদিক পেঞ্চনাৰ সংস্থাৰ পূব মণ্ডল কমিটী গঠন* 

যোৰহাট, ১৯ জুলাই ঃ যোৰহাট প্ৰেছ ক্লাবত আজি অনুষ্ঠিত উজনি অসমৰ পেঞ্চনপ্ৰাপ্ত সাংবাদিক  সকলৰ এখন সভা অনুষ্ঠিত  হ্য়।সভাত  সৰ্বসন্মতিক্ৰমে অসম সাংবাদিক পেঞ্চনাৰ সংস্থাৰ পূব মণ্ডল কমিটীখন গঠন কৰা হয় । ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত আৰু আহ্বায়ক  নিৰঞ্জন  মহন্ত উদ্দেশ্য  ব্যাখ্যা কৰা সভাত অসম সাংবাদিক পেঞ্চনাৰ সন্থাৰ সভাপতি কেশৱ কলিতা, সম্পাদক মানস কুমাৰ মহন্ত‌‌‌, উপদেষ্টা বিমান হাজৰিকা, কোষাধ্যক্ষ উদয় বৰগোঁহাই উপস্থিত থাকি পৰামৰ্শ আগবঢ়ায় ।   কাৰ্বি আংলঙ, যোৰহাট, শিৱসাগৰ , ডিব্ৰুগড়,আৰু তিনিচুকীয়া জিলাৰ  পেঞ্চনাৰ  সাংবাদিক  সকল উপস্থিত  থকা অঁসভাত ইকবাল আহমেদক মুখ্য আহ্বায়ক, নিৰঞ্জন মহন্ত, ধীৰেন্দ্ৰ নাথ ডেকা, বাছা বৰা, শান্তনু গোস্বামী, ৰাতুল বৰা আৰু থানেশ্বৰ নেওগক আহ্বায়ক হিচাপে লৈ অসম সাংবাদিক পেঞ্চনাৰ সংস্থাৰ পূব মণ্ডল কমিটী গঠন কৰা হয় । সভাত ৰাজ্যিক সভাপতি কেশৱ কলিতাই  সংস্থাৰ সংবিধানখন উন্মোচন কৰে ।

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন