মুখ্যমন্ত্রী সঙ্গে সাক্ষাৎ করেন সাংবাদিক সংস্থা জাফা

ৰাজ্যৰ মুখ্যমন্ত্ৰীক লোকসেৱা ভৱনত সাক্ষাৎ জাফাৰ প্ৰতিনিধিৰ: সাংবাদিক সংবাদকৰ্মীৰ বিভিন্ন সমস্যাক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনা
নয়া ঠাহর, সংবাদদাতা
গুৱাহাটী ১৪ জুলাই : অসমৰ সাংবাদিক সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাৰ প্ৰতিনিধি সদস্যৰ দল এটাই কালি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি  দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱা বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰি এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী আৰু প্ৰধান সম্পাদক কুঞ্জ মোহন ৰায়ৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি 
অসমৰ সকলো মুদ্ৰিত, বৈদ্যুতিন আৰু ডিজিটেল সংবাদ মাধ্যমত কৰ্মৰত সাংবাদিক, স্থানীয় সাংবাদিক আৰু সংবাদ কৰ্মচাৰীসকলৰ বাবে ন্যূনতম মাননী, সুস্পষ্ট বেতন কাঠামো, সময়মতে পাৰিশ্ৰমিক প্ৰদান, চাকৰিৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু অন্যান্য ন্যায্য সুবিধা নিশ্চিত কৰাৰ উদ্দেশ্যে এখন বিশেষ আইন প্ৰণয়ন কৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায় ।
ইয়াৰ উপৰিও ডিজিটেল বা পোৰ্টৈল সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিয়েই  এই সংবাদ মাধ্যমৰ  সমূহৰ  চৰকাৰী ভাৱে পঞ্জীয়ন, স্বচ্ছ পৰিচালনা, নৈতিক আচৰণবিধি, জবাবদিহিতা আৰু আইনগত নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে এখন পৃথক আইন বা নীতিমালা প্ৰণয়ন কৰাটো অতিশয় প্ৰয়োজনীয় বুলি জাফা'ৰ  প্ৰতিনিধি সদস্যৰ দলটোৱে মুখ্যমন্ত্ৰীক অৱগত কৰে।
যাতে ভুৱা সংবাদ, অপপ্ৰচাৰ, বিভ্ৰান্তিকৰ তথ্য আৰু অপেছাদাৰী সংবাদ পৰিৱেশনে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে আৰু ডিজিটেল সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা  বা ভাবমূৰ্তি অটুট থাকে ।
জাফা'ৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত গুৱাহাটীত দূৰ  দূৰণীৰ পৰা অহা সাংবাদিকৰ  থকাৰ সুবিধাৰ্থে  নতুনকৈ সাংবাদিক ভৱন  এটা নিৰ্মাণ কৰাৰো দাবী জনায়। একেদৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সকলো সাংবাদিকৰ জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰদান কৰা,   সাংবাদিক আৰু সংবাদ কৰ্মচাৰীসকলৰ চাকৰিৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী কৰা , সাংবাদিক পেঞ্চন ২০ হাজাৰলৈ বৃদ্ধি কৰাৰো জাফা'ৰ তৰফৰ পৰা দাবী জনোৱ হয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাফা"ৰ  প্ৰতিনিধি সদস্যৰ দলটোৰ দাবী সমুহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি চলিত অসম বিধানসভা অধিৱেশনৰ পাছতে এই সম্পৰ্কত তেওঁ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
জাফা'ৰ প্ৰতিনিধি সদস্যৰ দলটোত আছিল সংগঠনটোৰ উপদেষ্টা চন্দ্ৰ কুমাৰ শইকীয়া, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক হীৰক জ্যোতি মেধি, মিণ্টু হাজৰিকা , কোষাধ্যক্ষ ৰিদীপ কলিতা আদি।

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন