সাংবাদিক পেনশন২০ হাজার করার দাবিতে স্মারক পত্র প্রদান

সন্মানীয় সদস্যসকল,

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আজি ২০ জুন, ২০২৬, শনিবাৰে আমাৰ সভাপতি কেশৱ কলিতা, কাৰ্যকৰী সভাপতি বেদব্ৰত মিশ্ৰ, সম্পাদক মানস কুমাৰ মহন্ত, চম্পক বৰবৰা আৰু মোৰ দ্বাৰা গঠিত এক সঁজাতি দলে জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱৰয়ক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰো । এই পত্ৰত আমি পেঞ্চনৰ পৰিমাণ কমেও ২০ হেজাৰ টকালৈ বৃদ্ধিৰ লগতে মৃত পেঞ্চনাৰৰ পৰিয়ালক দ্ৰুততাৰে পেঞ্চন প্ৰদান কৰিবলৈ আহ্বান জনাওঁ । তদুপৰি আমাৰ সংস্থাক বিভাগীয় স্বীকৃতি দিয়াৰ বাবেও অনুৰোধ জনোৱা হয় । সঞ্চালক মহোদয়ে আমাৰ স্মাৰক পত্ৰখন যথা স্থানত উপস্থাপন কৰাৰ আশ্বাস দিয়ে । 
আপোনালোকক জনাওঁ যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে যথোচিত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । 
আমাৰ অনুৰোধ, নেতৃত্বৰ ওপৰত আস্থা ৰাখক । কিছু সদস্যই  অধৈৰ্য হৈ গ্ৰুপত লিখা মন্তব্য বহুতৰ বাবে গ্ৰহণযোগ্য হোৱা নাই । কিবা জনাবলগা থাকিলে গ্ৰুপত লিখাৰ পৰিৱৰ্তে সভাপতি বা সম্পাদকলৈ ফোন কৰি বা মেছেজ লিখি জনাব পাৰে । এয়া আমাৰ বিনম্ৰ অনুৰোধ । 
আশাকৰোঁ শীঘ্ৰে আমাৰ পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰচেষ্টা সফল হ'ব ।

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন