অসম সাংবাদিক পেনশনার সংস্থার কার্য্য নির্বাহী সভা সফল ভাবে সম্পন্ন

আপোনালোক আটাইলৈ সন্ধিয়াৰ শুভ সম্ভাষণ জনালোঁ। কালি আমাৰ সভাখন সুচাৰুৰূপে হৈ গ'ল। কালিৰ সভাখনে সাংবাদিক পেন্সনাৰ সকলৰ পেন্সনৰ ধন বৃদ্ধি আৰু স্বাস্থ্য বীমা সন্দৰ্ভত অত্যাধিক গুৰুত্ব আৰোপ কৰে। কালিৰ সভাখনত এই সন্দৰ্ভত পূৰ্বে জনসংযোগৰ সঞ্চালক মহোদয়ৰ হাতত তিনিখনকৈ স্মাৰক পত্ৰ দাখিল কৰাৰ কথা সম্পাদকে জানিবলৈ দিয়ে।
২) সংস্থাৰ এটা সজাতি দল গঠন কৰি সঞ্চালক মহোদয়ৰ হাতত পুনৰাই এখন স্মাৰক পত্ৰ দাখিল কৰিবলৈ সভাই সিদ্ধান্ত লয়। এইক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিষয়টো অবগত কৰিব লাগিবনেকি সঞ্চালক মহোদয়ৰ পৰা তাৰো উমান ল'বলৈ সভাই গঠন হ'বলগীয়া সজাতে দলটোক পৰামৰ্শ দিয়ে। ইয়াৰ এটা বাখ্যাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত মাননীয় সঞ্চালক মহোদয়ে পূৰ্বেই জানিবলৈ দিছিল যে বিষয়টো চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে। বিধানসভাৰ আগন্তুক বাজেট অধিবেশনত এই সম্পৰ্কীয় সিদ্ধান্ত নিশ্চিতভাবে পাৰিত হ'ব।
৩) আমাৰ সদস্য সকলৰ মাজৰ যোগাযোগ অধিক ক্ষীপ্ৰ তথা সৰল কৰি তোলাৰ স্বাৰ্থত আমাৰ সংস্থাৰ নুন্যতম চাৰিটা মাণ্ডলিক গোট গঠনৰো সভাই সিদ্ধান্ত লয়। উজনি অসমৰ জিলা বিশেষক লৈ প্ৰথমটো 'মণ্ডল' গঠনৰ বাবে সভাই উপসভাপতি নিৰঞ্জন মহন্তক দায়িত্ব দিয়ে।
৩) এই দুটা মুল সিদ্ধান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ সভাই সম্পাদকক দায়িত্ব দিয়ে।
৪) সভাই নতুন-পুৰণি  সভ্য সকলৰ বাবে এখন প্ৰপত্ৰৰ প্ৰস্ত্তত কৰিবলৈ সম্পাদকক দায়িত্ব দিয়ে। ইয়াৰ লগতে সংস্থাৰ সংবিধানখন ছপা কৰি নূন্যতম মূল্যৰ বিনিময়ত সদস্য সকলৰ মাজত বিতৰণ কৰিবলৈ সভাই সিদ্ধান্ত লয়।
এই সমূহ সিদ্ধান্ত অচিৰেই সম্পাদন কৰা হ'ব আৰু এই গোটৰ জড়িয়তে আপোনালোক আটাইকে অবগত কৰা হ'ব।
     ধন্যবাদেৰে...
মানস কুমাৰ মহন্ত 
সম্পাদক 
১৫ জুন , ২০২৬

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন