অসমের পেনশনার সাংবাদিক সন্থা রেজিস্ট্রি ভুক্ত হল
সন্মানীয় প্ৰতিজন সদস্যলৈ পুৱাৰ অভিবাদনসহ
জনাওঁ যে এতিয়াৰে পৰা আমাৰ ' অসম পেন্সনাৰ সাংবাদিক সংস্থা' এটা চৰকাৰী পঞ্জীয়নভুক্ত সংগঠন হিচাপে চিহ্নিত আৰু স্বীকৃত হ'ল। কালিৰ দিনটোত সকলো আনুষ্ঠানিকতা সম্পন্ন কৰাৰ প্ৰায় তিনি ঘন্টাৰ পিচতে পঞ্জীয়নৰ প্ৰমাণপত্ৰ লাভ কৰিলো। আমাৰ পঞ্জীয়ন নম্বৰ হ'ল_ RS/KAM(M)/263/RFS-Regn. of SOC/202601955 of 2026-2027. ২০২৯ চনত এই পঞ্জীয়ন নবীকৰণ কৰাব লাগিব। এই পঞ্জীয়নে আমাক এটা ঠিকনা দিলে। ই সম্ভব হ'ল আমাৰ সহকাৰী সম্পাদক শ্ৰদ্ধাৰ ধীৰেন ডেকাৰ বদান্যতাৰ বাবেহে। তেখেতৰ প্ৰতি মই কৃতজ্ঞ।
২) এতিয়া আহিব বেংকত হিচাপ খোলাৰ কথা। অহা সোমবাৰৰ ভিতৰত এই সন্দৰ্ভত সকলো জনাব পাৰিম।
৩) সাংবাদিক পেন্সনাৰ সকলৰ যি ৰাষ্ট্ৰীয় সংগঠন আছে আমি তাৰো সদস্যপদ বিচাৰিম। তাৰ বাবে আবেদন জনোৱাৰ যাৱতীয় কাম আৰম্ভ কৰিছো।
৪) সমান্তৰালভাবে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু পদাধিকাৰ সকলৰ প্ৰতিও আমাৰ পেন্সনৰ ধনৰ পৰিমাণ বৃদ্ধি আবেদন জনাম।
আপোনালোক আটাইকে অচিৰেই লগ পোৱাৰ কথা চিন্তা কৰিছো। আমাৰ মাননীয় সভাপতি মহোদয়েও সভা এখন আহ্বানৰ কথা কৈছে।
সময়ত জনাম।
ভালে আছোঁ
ভালে থাকক আটায়ে....
মানস কুমাৰ মহন্ত
সম্পাদক
২১ মে' , ২০২৬
Comments
Post a Comment