অসমের রাজনীতি থেকে সরে দাঁড়ানোর প্রশ্ন নেই : দেবব্রত

ৰাইজৰ সেৱাত, ৰাজ্যৰ ৰাজনীতিত মই সদায় আছোঁ আৰু থাকিম। শেহতীয়াকৈ একাংশ লোকে মোৰ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আৰু বিজেপি দলত যোগদান কৰা সন্দৰ্ভত যি উৰাবাতৰি বিয়পাইছে, সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু এক গভীৰ ষড়যন্ত্ৰৰ অংশ। মই ৰাইজক স্পষ্ট কৰি দিব বিচাৰোঁ যে মই মোৰ দল কংগ্ৰেছৰ লগতেই আছোঁ আৰু দল ত্যাগ কৰাৰ বা উপ-নিৰ্বাচন খেলাৰ কোনো প্ৰশ্নই নুঠে। মোক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই পঠোৱাৰ এইয়া এক বিফল প্ৰচেষ্টাহে মাথোঁ।

বিৰোধী দলপতি হিচাপে মই সদায় ৰাইজৰ স্বাৰ্থত, অসমৰ হকে মাত মাতি আহিছোঁ। বৰ্তমান গণতন্ত্ৰৰ প্ৰতি যি ভাবুকি আহি পৰিছে, নিৰ্বাচনী আয়োগৰ যি হতাশজনক ভূমিকা আমি দেখিছোঁ, সেয়া সঁচাকৈয়ে উদ্বেগজনক। নিৰ্বাচন শেষ হোৱাৰ লগে লগেই যেনেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি হৈছে, সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক একাংশই 'চাণক্য' বুলি আখ্যা দিয়ে, কিন্তু চাণক্য নীতিত শিক্ষিত লোকক সন্মান কৰা আৰু ৰাজহুৱা ধনৰ অপচয় নকৰাৰ কথা কোৱা হৈছে— যিটো বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত আমি দেখা পোৱা নাই। ভুৱা ডিগ্ৰী আৰু মিছা প্ৰতিশ্ৰুতিৰ ৰাজনীতিতকৈ ৰাইজৰ প্ৰকৃত সমস্যাবোৰ সমাধান কৰাটোহে চৰকাৰৰ মূল লক্ষ্য হোৱা উচিত। পুঁজিপতিৰ স্বাৰ্থত কাম কৰা এই চৰকাৰে সাধাৰণ জনতাক মাধমাৰ দিছে।


অসমৰ ৰাইজৰ হকে মোৰ আৰু কংগ্ৰেছ দলৰ এই যুঁজ সদায় অব্যাহত থাকিব। সত্যৰ জয় হ'বই।


#DebabrataSaikia #AssamPolitics #Assam #IndianNationalCongress #AssamCongress #StandWithTruth #Democracy #NoToPriceRise #AssamNews #Nagaon #Guwahati #LeaderOfOpposition

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন