হাওলি বাজারে রবীন্দ্র স্মরণ

"*গ্রন্থৰ সুবাস....নিৰ্মল অনুভৱ*"

( " My friends are my estate,/ My never failing friends are they, /With whom I converse day by day "....*Emily Dickinson*.)
            _________
যোৱা  ১০ মে তাৰিখে ( ৰবিবাৰ )হাউলী মধ্যবজাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত "  কিঞ্চিৎ হাউলী শাখাৰ"  উদ্যোগত উদযাপিত হোৱা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম্ জন্মজয়ন্তী উৎসৱত  সাধাৰণ সম্পাদক  সুনীল সাহাৰ  আমন্ত্ৰণ উপেক্ষা কৰিব নোৱাৰি  উপস্থিত হৈছিলো।

এই চেগতে " *প্ৰতিশ্ৰুতি* " কাব্য গ্ৰন্থখন  মোক উপহাৰ  দিয়াত নথৈ আনন্দ পাইছো আৰু  অজানিত এক অনাবিল প্ৰফুল্লতা অনুভৱ কৰিলোঁ।

 উক্ত গ্ৰন্থত সৰ্বমুঠ ৬৫ খন কবিতা সন্নিবিষ্ট কৰা হৈছে তাৰে কেইটামান কবিতা আজি পঢ়ি অনুভৱ হ'ল যেন - - উক্ত গ্ৰন্থৰ লেখিকা জ্যোতিনগৰ, শিমলাগুৰী, বৰপেটাৰোড  নিবাসী শ্ৰীমতি আৰতি তালুকদাৰ  সাহিত্য চৰ্চাৰ প্ৰতি ধাউতি থকা এগৰাকী নিষ্ঠা অনুৰাগী। কবিয়ে কবিতাৰ যোগেদি নিজৰ অনুভৱ প্ৰকাশ কৰাৰ যে প্ৰয়াস .....এই ক্ষেত্ৰত মোৰ ধাৰণা কবিয়ে শব্দৰ সাধনা অধিক তীব্ৰতৰ কৰিব লাগিব। কবিৰ এইটো প্ৰথম কাব্যগ্ৰন্থ "*প্ৰতিশ্ৰুতি* " ২০১৩  চনত প্ৰকাশ পাইছিল। বৰ্তমান সমাজৰ  যি পংকিল অৱস্থা, নৈতিকতা প্ৰমূল্যবোধৰ অবক্ষয় " *ভুল নকৰিবা*"  কবিতাৰ মাধ্যমত কবিৰ সতৰ্কতা স্পষ্ট ।  অতি সহজ সৰল শব্দৰ পৰিসীমাত থাকি লিখা কবিতাবোৰ পাঠক সমাজ আঁকোৱালি ললে বিশেষকৈ নৱ প্ৰজন্ম উপকৃত হ'ব ই নিশ্চিত। 

ডা:  মানিক লাল ভৌমিক 
   ( প্ৰধান সেৱক ) 
"*কিঞ্চিত গোষ্ঠী*"
      বৰপেটাৰোড
তাং: ১৫ মে , ২০২৬ ইং.

Comments

Popular posts from this blog

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন