৫জুন বাঙালি পরিষদের সভা

৬ জুনত হোজাইত বাঙালি পৰিষদ অসমৰ কাৰ্যনির্বাহক সভা

ৰাজ্যৰ সৰ্ববৃহত অৰাজনৈতিক অগ্রণী সংগঠণ বাঙালি পৰিষদ অসমৰ ৰাজ্যিক কাৰ্য্যনির্বাহক সভাৰ সময়সূচীৰ লগতে সভাৰ স্থান সলনি কৰা হৈছে। আজি কাকতলৈ প্রেৰন কৰা এক প্ৰেছ বিবৃতিযোগে বাঙালি পৰিষদ অসমৰ ৰাজ্যিক সভাপতি ডা: শান্তনু কুমাৰ সান্যাল, সাংগঠনিক সাধাৰণ সম্পাদক তথা সমন্বয়ক প্রদীপ নাগ আৰু ৰাজ্যিক প্ৰচাৰ সম্পাদক প্রদীপ কুমাৰ সৰকাৰে জানিবলৈ দিয়ে যে, বাঙালি পৰিষদ অসমৰ ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়া তথা প্ৰতিখন জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক জনায় যে

অহা ৩১ মে' ৰবিবাৰে পূৱা ৰৰ বজাত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া 'বাঙালি পৰিষদ অসম'ৰ কাৰ্যনিৰ্বাহক সভাৰ সময়সূচী আৰু স্থান সলনি কৰা হৈছে। উল্লেখ্য যে, 'বাঙালি পৰিষদ অসম'ৰ মূখ্য উপদেষ্টা শিলাদিত্য দেবে উক্ত দিনাৰ কাৰ্যনির্বাহক সভাত উপস্থিত থাকিব নোৱাৰাৰ বাবেই ৰাজ্যিক কার্যনির্বাহক সভাখন পিছুৱাই অহা ৬ জুন শনিবাৰ পূৱা ১১ বজাত হোজাইত অনুষ্ঠিত হব। সেয়ে ৰাজ্যিক সমিতিৰ সকলো কার্যকর্তা আৰু প্রত্যেক জিলা সমিতিৰ পৰা ৫ গৰাকীকৈ কার্যকর্তাক উক্ত সভাত উপস্থিত থাকিবলৈ কোৱা হৈছে। স্মর্তব্য যে, প্রতিখন নিজা নিজা জিলাৰ 'ডি' ভোটাৰ আৰু মিছন বসুন্ধৰাৰ সংখ্যা সংগ্ৰহ কৰি লৈ যাবলৈ অনুৰোধ জনোৱা হৈছে। মনকৰীবলগীয়া যে, সিদিনা পুৱা ৰৰ বজাৰ পৰা দুপুৰীয়া ৰচ বজালৈ ৰাজ্যিক সমিতিৰ সভা অনুষ্ঠিত হব আৰু দুপুৰীয়া ৰচ বজাৰ পৰা ৰাজ্যিক সমিতি তথা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হবে বুলি বাঙালি পৰিষদ অসমৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক প্রদীপ কুমাৰ সৰকাৰে বিবৃতিখনৰ জড়িয়তে জানিবলৈ দিছে।

Comments