আর এস এস প্রধান মোহন ভাগবত অসমে তিনদিনের সফরে আসবেন

তিনিদিনীয়া ভ্ৰমণসূচীৰে  অসমলৈ আহিব আৰএছএছ মুৰব্বী মোহন ভাগৱত

বিশেষ প্ৰতিনিধি, গুৱাহাটী, ১২ মে’ :  ৰাষ্ট্রীয় স্বয়ংসেৱক মুৰব্বী ডা: মোহন ভাগৱত তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমলৈ  আহিব। ১৩ মে' ৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰাই পোনে পোনে তেওঁ হোজাইলৈ ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জনায়। উল্লেখ্য যে, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত ১১ মে' ৰ পৰা ১ জুনলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ-এক (দ্বিতীয় বৰ্ষ) প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে৷ ১৪, ১৫ আৰু ১৬ মে' ত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ-একৰ প্রশিক্ষণ শিবিৰত ডা: মোহন ভাগৱতে তিনিদিন উপস্থিত থাকি ১৭ মে' ৰ পুৱা গুৱাহাটীলৈ উভতি আহিব। 
ইফালে,  হোজাইৰ প্ৰশিক্ষণৰ প্ৰবাস সামৰি ডা: মোহন ভাগৱতে ১৭ মে' ত গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত কিছু সময় জিৰণী লৈ নাগপুৰ অভিমুখে ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জনায়। উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প প্ৰাংগনত ১১ মে' ৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক ৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ১ জুনত সামৰণি পৰিব। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত উক্ত প্রশিক্ষণত সংঘ শিক্ষা বৰ্গৰ প্ৰশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে কাৰ্যকৰ্তা বিকাশ বৰ্গ-একৰ প্রশিক্ষণত অংশগ্রহণ কৰিব পাৰে। প্ৰশিক্ষণত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ উত্তৰ অসম, দক্ষিণ অসম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল সহ পাঁচ প্ৰান্তৰ মুঠ ১০৩ গৰাকী স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে। অসম ক্ষেত্ৰৰ অধীনৰ উত্তৰ অসম প্ৰান্তৰ ৫৬ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ২০ গৰাকী, মণিপুৰ প্ৰান্তৰ ১৩ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ৮ গৰাকী আৰু অৰুণাচল প্ৰান্তৰ ৬ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে৷

Comments