পবিত্র বিধানসভা তে অপবিত্র কাজ কর্মের অভিযোগ
পবিত্ৰ বিধানসভাত অপবিত্ৰ কৰ্মকাণ্ড কাৰ?
দুৰ্নীতিকাৰীৰ বিৰুদ্ধে তদন্ত - শাস্তি হ’ব লাগে
চন্দ্ৰ কুমাৰ শইকীয়া
পবিত্ৰ অসম বিধানসভাৰ সচিবালয় অপবিত্ৰ কৰিলে পূৰ্বৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ বিধানসভাৰ অধ্যক্ষৰ দৰে পবিত্ৰ আৰু শক্তিশালী পদবীত থাকি সমগ্ৰ সচিবালয়টোকে দুৰ্নীতি আৰু কেলেংকাৰীৰ আৱৰ্জনাত পোত খাবলৈ দিয়াৰ বিৰুদ্ধে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস গৰজি উঠিছে৷ জনতাৰ প্ৰশ্ন, আমাৰো প্ৰশ্ন - অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কিয় তদন্তৰ আওতালৈ নাহিব? দৈমাৰীৰ দিনত বিধানসভাৰ সচিবালয়ৰ সচিবজন উঠিৰজা বহিৰজা হৈছিল আৰু ৰাজহুৱা ধনৰ অবাধ অপব্যয় কৰিছিল বুলি অভিযোগ উঠিছে। অধ্যক্ষৰ বিশেষ কৰ্তব্যৰত বিষয়া মানে অ’এছডি সৌমেন বৰুৱাই বহু নকৰিবলগীয়া কাম কৰিছিল আৰু কৰিবলগীয়া কামবোৰ পেলাই থৈছিল৷ অধ্যক্ষৰ সাহায্য পুঁজিৰ ধন হোৰাহোৰে আত্মসাৎ কৰাৰ বিপৰীতে দুখীয়া ৰোগী বিশেষকৈ দুখীয়া সাংবাদিক ৰোগীয়ে আবেদন কৰিও সহাঁৰি পোৱা নাছিল৷ কেইজনমান ৰোগীয়ে মৃত্যুবৰণ কৰিলে কিন্তু অএছডি বৰুৱা আৰু অধ্যক্ষ দৈমাৰীয়ে গুৰুত্ব নিদিলে৷
সচিবালয়ৰ একাংশ বিষয়া আৰু ঠিকাদাৰে ৰাজহুৱা ধনৰ শৰাধ পাতিছে৷ স্বতন্ত্ৰ ক্ষমতাৰে মহীয়ান বিধানসভাৰ পূঁজিৰ কোনো অডিট নোহোৱাৰ সুযোগ লৈ লুতিপুটি খোৱাৰ অভিযোগ উঠিছে আৰু বিষয়টো গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰকোঠ পাইছেগৈ৷ ধনৰ ইমানেই অপব্যয় যে এসাঁজ ভাতত ২,০০০ টকা , উইপোকৰ নামত ৩ কোটি ৮৫ লাখ টকা, ৱেবছাইটত ২ কোটি ৫০ লাখ টকা, উপহাৰত ১৬ কোটি ৫০ লাখ টকা খৰচ আদি কেইটামান উদাহৰণ৷ বিধানসভাত বিয়াগোম কেলেংকাৰীৰ তদন্ত আৰু বিচাৰ হ’ব লাগে৷
বিধানসভা সচিব দুলাল পেগুক বৃহস্পতিবাৰে অব্যাহতি দিয়াৰ পাছত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আন ১২জন বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা শুকুৰবাৰে অব্যাহতি দিছে। এই ১২জন বিষয়া- কৰ্মচাৰীৰ ভিতৰত অবৰ সচিব হিচাপে অৱসৰ লোৱা ৰঞ্জিত কুমাৰ শৰ্মাক অব্যাহতি দিয়া বুলি জানিব পৰা গৈছে। ৰঞ্জিত কুমাৰ দাসক অৱসৰৰ পাছত কমিটী অৱ পাব্লিক আন্ডাৰটেকিঙৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে দায়িত্ব পালন কৰি আছিল। ইয়াৰ উপৰিও অৱসৰৰ পাছত বিধানসভাত কাৰ্যনিৰ্বাহ কৰি থকা পংকজ কুমাৰ শৰ্মাক অধ্যক্ষ দাসে অব্যাহত দিছে। উপ সচিব হিচাপে অৱসৰ লোৱা পংক কুমাৰ শৰ্মা বিধায়কৰ হোষ্টেলৰ বিশেষ কৰ্তব্যৰত বিষয়া আছিল। অৱসৰ গ্ৰহণ কৰা দীপাংকৰ তালুকদাৰক কাৰ্যকাল বৃদ্ধি কৰি ইছ্যু ব্ৰাঞ্চৰ অ এছ ডি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ পূৰ্বৰ অধ্যক্ষই নিযুক্তি দিছিল। তেওঁ বিশেষ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। নিৰাপত্তাৰ দায়িত্বত থকা অবৰ সচিব শেৱালী দেৱীকো অধ্যক্ষ দাসে কামৰ পৰা অব্যাহত দিছে। অৱসৰৰ পাছত তেওঁ লেজিলেশ্যন ব্ৰাঞ্চৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰি আছিল। অধ্যক্ষ দাসে অব্যাহত দিয়া আনসকল বিষয়া হল তৰণীকান্ত সৰ্গীয়াৰী, কাৰ্বিৰাম হালৈ, কুলধৰ কামাং, সমীৰ দাস, মাধৱ তালুকদাৰ, ভৱেন পেগু, বিশ্বজিত চুমে আৰু দিলিৰাম শৰ্মা। আটাই কেইজন বিষয়া- কৰ্মচাৰীয়ে অৱসৰৰ পাছত চাকৰি কাৰ্যকাল বৃদ্ধিৰে বিধানসভাত কাৰ্যনিৰ্বাহ কৰি আছিল। অসম বিধানসভাৰ নিযুক্তি কেলেংকাৰীক লৈ উন্মোচিত হৈছে নতুন তথ্য৷ অসম সচিবালয়ত অবৈধ নিযুক্তি সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে অসম নিবনুৱা সন্থাই৷ এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন যোৱা ৮ মে’ত দাখিল কৰে সদৌ অসম নিবনুৱা সন্থাই৷ সন্থাৰ সচিব জীৱন ৰাজখোৱাই দাখিল কৰা গোচৰটোত বিধানসভা সচিবালয়ৰ বিভিন্ন পদত নিযুক্তি প্ৰাপ্ত প্ৰায় ৫০ টা পদৰ মকৰল তদন্তৰ আওতালৈ অনাৰ পোষকতা কৰে৷ তাৰোপৰি কেৱল দুৰ্নীতি আৰু অনিয়মৰ বাবেই বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বাৰে বাৰে সচিব দুলাল পেগুৰ কাৰ্যকাল বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে৷ প্ৰণিধানযোগ্য যে, বিধানসভাৰ সচিবালয়ত বিজ্ঞাপন-সাক্ষাৎকাৰ অবিহনে ৩৪ গৰাকীক দিয়া হৈছিল গোপনে নিযুক্তি। অসম বিধানসভাৰ সচিবালয়ত পিচ দুৱাৰেদি নিযুক্তি প্রক্রিয়া চলি থকাৰ অভিযোগ উঠিছিল সেই সময়ত। প্রাপ্ত তথ্য মতে কোনোধৰণৰ বিজ্ঞাপন বা সাক্ষাৎকাৰৰ ব্যৱস্থা নকৰাকৈ বিধানসভা সচিবালয়ত চলিত বৰ্ষৰ ৮ জানুৱাৰীত তৃতীয়-চতুর্থ বর্গৰ ৩৪ টা পদত নতুনকৈ নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। মুঠ ৩৪ টা পদৰ ভিতৰত ৩ টা নিম্নবর্গৰ সহায়ক পদ, ২টা টাইপিষ্টৰ পদ, চতুর্থবর্গৰ ২৭টা পদ আৰু চালকৰ ২টা পদ আছিল। জানিব পৰা মতে ইয়াৰে ১৫ টামান পদত ফিক্সড পে' হিচাপে কেইটামান মাহ কাম কৰি থকাসকলক স্থায়ী হিচাপে নিযুক্তি দিয়াৰ নামত কোনোধৰণৰ সাক্ষাৎকাৰৰ ব্যৱস্থা নকৰাকৈ ৩৪ টা পদত গোপনে নিযুক্তি প্রক্রিয়া সম্পাদন কৰা হৈছিল আৰু লগে লগে তেওঁলোকে স্থায়ী পদত যোগদান কৰিছিল। এনে সময়ছোৱাতে অসম বিধানসভাৰ সচিবালয়ত সচিব দুলাল পেগু আৰু ৩১ জানুৱাৰীতে অৱসৰ ল’বলগীয়া বিষয়া সমীৰ দাসৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধি কৰাৰ আছিল আন এক অভিযোগ।
বিধানসভাৰ বিশেষাধিকাৰ বুলিলে ৰাজ্যিক বিধানসভাৰ সদন, ইয়াৰ বিভিন্ন কমিটি আৰু সদস্যসকলে (বিধায়ক) নিজৰ কৰ্তব্যসমূহ কোনো বাধা বা ভয় নোহোৱাকৈ সুচাৰুৰূপে পালন কৰিবলৈ লাভ কৰা বিশেষ অধিকাৰ, ৰেহাই আৰু সুৰক্ষাক বুজায়। ভাৰতীয় সংবিধানৰ ১৯৪ নম্বৰ অনুচ্ছেদত ৰাজ্যিক বিধানসভা আৰু ইয়াৰ সদস্যসকলৰ এই ক্ষমতা, বিশেষাধিকাৰ আৰু সংৰক্ষণৰ বিষয়ে সবিস্তাৰে উল্লেখ আছে। এই বিশেষাধিকাৰ সমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি: ব্যক্তিগত বিশেষাধিকাৰ আৰু সমূহীয়া বিশেষাধিকাৰ৷ ব্যক্তিগত বিশেষাধিকাৰৰ ভিতৰত প্ৰত্যেকগৰাকী বিধানসভাৰ সদস্যই ব্যক্তিগতভাৱে তলত উল্লেখ কৰা অধিকাৰ আৰু সুৰক্ষাসমূহ লাভ কৰে:
বাক স্বাধীনতা বিধানসভাৰ মজিয়াত বা ইয়াৰ কোনো কমিটিত এজন সদস্যই প্ৰকাশ কৰা কোনো মন্তব্য বা প্ৰদান কৰা ভোটৰ বাবে আদালতত কোনো আইনী গোচৰ তৰিব নোৱাৰি। গ্ৰেপ্তাৰৰ পৰা ৰেহা : কোনো দেৱানী গোচৰৰ ক্ষেত্ৰত, বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত আৰু অধিৱেশন আৰম্ভ হোৱাৰ ৪০ দিন পূৰ্বে বা শেষ হোৱাৰ ৪০ দিন পিছলৈকে কোনো সদস্যক গ্ৰেপ্তাৰ কৰিব নোৱাৰি। অৱশ্যে, ফৌজদাৰী অপৰাধ বা প্ৰতিৰোধমূলক আটক আইনৰ অধীনত এই ৰেহাই প্ৰযোজ্য নহয়। সাক্ষ্য দানৰ পৰা ৰেহাই : বিধানসভাৰ অধিৱেশন চলি থকা অৱস্থাত কোনো সদস্যক সদনৰ অনুমতি অবিহনে আদালতত সাক্ষী হিচাপে হাজিৰ হ’বলৈ বাধ্য কৰিব নোৱাৰি। সমূহীয়া বিশেষাধিকাৰ হ’ল গোটেই বিধানসভা সদনটোৱে একগোট হৈ সামূহিকভাৱে কিছুমান অধিকাৰ ভোগ কৰে৷ কাৰ্যধাৰা প্ৰকাশ কৰা বা বাধা দিয়াৰ অধিকাৰ : বিধানসভাই নিজৰ তৰফৰ পৰা প্ৰতিবেদন, তৰ্ক-বিতৰ্ক বা কাৰ্যসূচী প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ অনুমতি অবিহনে কোনো বাহিৰা ব্যক্তিয়ে তাক প্ৰকাশ কৰিলে বাধা দিব পাৰে।
বাহিৰা ব্যক্তিক বৰ্জন কৰাৰ অধিকাৰ : সদনৰ গোপন বৈঠক বা প্ৰয়োজন সাপেক্ষে যিকোনো বাহিৰা ব্যক্তিক (প্ৰেছ বা সাধাৰণ দৰ্শক) সদনৰ পৰা আঁতৰাই ৰখাৰ ক্ষমতা বিধানসভাৰ থাকে। কাৰ্যবিধি নিয়ন্ত্ৰণৰ অধিকাৰ : সদনৰ আভ্যন্তৰীণ কাম-কাজ, নিয়ম-নীতি আৰু ব্যৱসায় পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব বিধানসভাৰ নিজৰ হাতত থাকে। ইয়াত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। দণ্ড বিহাৰ ক্ষমতা : যদি কোনো সদস্য বা বাহিৰা ব্যক্তিয়ে বিধানসভাৰ অৱমাননা কৰে বা বিশেষাধিকাৰ উলংঘা কৰে, তেন্তে সদনে তেওঁক তিৰস্কাৰ কৰিব পাৰে আনকি কাৰাগাৰলৈকো প্ৰেৰণ কৰিব পাৰে। বিশেষাধিকাৰ সমিতি: কোনো বিশেষাধিকাৰ উলংঘাৰ ঘটনা ঘটিলে তাক পৰীক্ষা কৰিবলৈ অসম বিধানসভাত এখন বিশেষাধিকাৰ সমিতি থাকে। এই সমিতিয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি নিজৰ প্ৰতিবেদন আৰু পৰামৰ্শ অধ্যক্ষৰ জৰিয়তে সদনত দাখিল কৰে।
Comments
Post a Comment