কিঞ্চিৎ গোষ্ঠীর পরিবেশ দিবস উদযাপন

"*কিঞ্চিত( আন্তঃরাষ্ট্রীয় সাহিত্য- সামাজিক- সাংস্কৃতিক গোষ্ঠীৰ অন্তৰ্গত " কিঞ্চিৎ বজালী শাখাৰ" উদ্যোগত " বিশ্ব পৰিবেশ দিৱস' উদযাপন*"....
________________________

যোৱা ৫ জুন ২০২৬ ইং ( শুক্ৰবাৰ)  " বিশ্ব পৰিৱেশ দিৱস'' উপলক্ষে কিঞ্চিৎ গোষ্ঠীৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ হয়। *বিশিষ্ট লেখক,  অৱসৰপ্ৰাপ্ত শিক্ষক তথা কিঞ্চিৎ গোষ্ঠীৰ আজীৱন শুভাকাংক্ষী শ্ৰী কামিনী মোহন শৰ্মা* ডাঙৰীয়াই বৃক্ষ ৰোপণ কৰাৰ পিছত  ৰাতিপোৱা পাঠশালাত অৱস্থিত   এম,ভি, স্কুলৰ শ্ৰেণীকোঠাত বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকা আৰু জনদৰদী প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।পাঠশালাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । 

দুপৰীয়া মুকলি সভাত চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, আৰু তৃত্বীয় স্থান প্ৰাপ্ত সকলক  মানপত্ৰৰ সৈতে  পুৰস্কৃত কৰাৰ লগতে
অংশগ্ৰহণকাৰী সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

 মুকলি সভা ------------
' *কিঞ্চিত ' বজালী শাখা  সভাপতি  মীনা তালুকদাৰ*"ৰ  সভাপতিত্বত বিভিন্ন  গণ্য মান্য ব্যক্তিৰ (ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত  মুৰব্বী অধ্যাপক শ্ৰী শৰত চন্দ্ৰ তালুকদাৰ,অশ্বিনী নাথ, নৃপেন ৰয়,সনাতন কাকতি,  গুনজিত বৰুৱা, ইৰাৱতী দেৱী , মানসী নাথ ,  ছাহেদ আলী আহমেদ, মৰমী কাকতি দত্ত,আদিৰ )  উপস্থিতিত সুচাৰুভাবে কাৰ্যসূচীবোৰ ৰূপায়ণ কৰা হয় যেনে,.......কবিতা পাঠ, সংগীত পৰিবেশন, নৃত্য,সম্বৰ্ধনা প্ৰদান,
অতিথি সকলৰ ভাষণ, পুৰস্কাৰ /প্ৰশংসা পত্ৰ বিতৰণ,  ইত্যাদি।  

সমাজ- সাহিত্যৰ ক্ষেত্ৰত বিশেষ অৰিহণা থকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী "*নিৰুপমা তহবিলদাৰ আৰু  লেডী হেলথ অৱসৰপ্ৰাপ্ত ভিজিটৰ , দময়ন্তী নমশুদ্ৰ*"  গুণী  দুয়োজনীক  বজালী শাখাৰ দ্বাৰা  আমন্ত্ৰণ কৰি ফুলাম গামোচা,  মানপত্ৰ আদিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ,যাব ফলত  অনুষ্ঠানটো জীপাল হৈ উঠে আৰু সৌষ্ঠৱ বৃদ্ধিত  কৰাত যথেষ্ট সহায়ক হয় ।আজিৰ সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰাত বজালী শাখাৰ *সাধাৰণ সম্পাদক সিন্ধুমনি শৰ্মাৰ* ভূমিকা আছিল খুবেই প্ৰশংসনীয়।(অনুষ্ঠানৰ কতিপয় আলোকচিত্ৰ) ।

*কিঞ্চিৎ মুখ্য কাৰ্যালয়*
       " বৰপেটাৰোড "
তাৰিখ: ৭ জুন,২০২৬ ইং,

Comments

Popular posts from this blog

বিশ্বে আজ বিশ্বকবি রবীন্দ্রাথ নাথ ঠাকুরের ১৬৫ তম জন্মজয়ন্তী উদযাপিত

মহালয়ার পবিত্র তিথিতে" নয়া ঠাহর "শারদ সংখ্যা প্রকাশিত হল কান্দি থেকে

অসমের বিশিষ্ট সাংবাদিক কুন্তল চক্রবর্তী চলে গেলেন